পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
কঃ পন্থাঃ

জাতিযোৱা পুৰ্ব্বৰ আইনখিনি বঙালীয়ে লাহে লাহে ভাঙিছে আৰু ভাঙি ধৰিছে, শিল্প, বাণিজ্য, বঙালীয়ে এতিয়া বৰ টান কোবেৰে হাতত লৈছে, সেই দেশৰ যুবকসকলৰ ভিতৰত ওখজাতৰ বামুণ আদি লোকসকলেও নিজে হাল ধৰিব শিকিছে এনেকি চমাৰৰ কাৰবাৰতো জাতলৈ ভয় নকৰাকৈ ধৰিছে। মুখৰ বিষয় আলামত খেতি কৰিবলৈকে বঙালীয়ে আগবাঢ়ি অনেক ঠাইত মাটি লৈ চাহ বাগিছা পাতিছে আৰু অনেক পুৰণা চাহবাগিছা কোনো অসমীয়া ভদ্ৰলোকে চলাবলৈ টকা নেপাই বঙালীক বেচিবলৈ বাধ্য হৈছে। আজিৰ বঙ্গদেশ যে আগৰ বঙ্গদেশ নহয় তাক কোনে স্বীকাৰ নকৰিব। বঙ্গভাষাৰ উন্নতিৰ পিনে যদি চোৱা যায় তেনেহলে বঙ্গভাষাই ভাৰ- তৰ আন আন ভাষাৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। তিৰোতাশিক্ষাৰ পিনে চাই পঠালে বঙ্গদেশত অনেক মহিলা বিদূষী হৈ ভাৰত জিলি- কাব ধৰিছে। যি বঙালীয়ে স্ত্ৰী জাতিক ওলাব নিদি ঘৰৰ ভিতৰত সদায় বন্ধনত ৰাখি থৈছিল আজি সেই বঙ্গ-মহিলাসকলৰ সেই বন্ধন- ভয় গুচি লাহে লাহে স্বাধীনভাবেৰে বীৰ ৰমণীৰ দৰে মুকলিমূৰীয়া হৈ ওৰণি গুচাই নিৰ্ভয়ে ফুৰিবলৈ শিকিছে। আমাৰ অসমীয়া মহিলা সকলে আগেয়ে গুৰণি লোৱাৰ অভ্যাস তেনেদৰে নেৰাখিছিল আৰু স্বাধীনভাবে ফুৰিব পাৰিছিল, কিন্তু আজি-কালি দেখা যায় ডাঙৰী- য়ানী সকলে বাঘৰ ভয়ত হৰিণীয়ে যেনেকৈ গা চাই লুকাই লুকাই ফুৰে তেনেকৈ সন্ধ্যা, সময় বা ৰাতি হাতত সাৰে ভৰিত সাৰে, ইঘৰ সিঘৰ ফুৰে। এনেকুৱা লজ্জাবতীক তিৰোতা বোলেনে ভয়াতুৰা বোলে? যি জাতিৰ মাতৃকূলক এনে ভয়াতুৰা কৰি ৰখা হয়, সেইজাতিৰ সতিসন্ততিসকল ভয়াতুৰ নহয় যে ইয়াত কি ভুল আছে? বঙ্গদেশে এতিয়া তিৰোতাসকলক পাপত পঙ্কিল যাতে হব নোৱাৰে তাৰ বাবে