পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কঃ পন্থাঃ


গ্ৰহণ কৰোঁ, ভালখিনি নকৰো কেলৈ? আমি অজ্ঞান, মূৰ্খ, গতিকে ভাল বেয়া কিটো তাক চিনি নাপাওহক, ঠিক কথা! যি বঙালী জাতিক আমাতকৈ টান দেশাচাৰৰ বন্ধনত থকা বুলি আমি নিন্দা কৰোহক আজি সেই বঙালী আগৰ বঙালী নহয়। দিন দিন বঙ্গ- দেশৰ মানুহৰ সৎসাহস এনে বাঢ়িব ধৰিছে যে সত্যৰ নিমিত্তে অনেক বঙালীযুবকে নিজ প্ৰাণ তুচ্ছ কৰি মৃত্যুক আলিঙ্গন কৰিবলৈ অলপো কেৰেপ কৰা নাই। সেই দেশত ধৰ্ম্ম আৰু সমাজশুধাৰক অনেক মহাত্মাই জন্মগ্ৰহণ কৰি দেশৰ উন্নতি সম্পৰ্কে সদায় চেষ্টাৰ ক্ৰটী কৰা নাই।

 বঙ্গদেশৰ বাতৰি কি আলোচনী কাকত বা কোনো দেশহিতৈ- ষীয়ে ছপা কৰি উলিওৱা পুস্তকত ধৰ্ম্ম, সমাজ, ৰাজনীতি আৰু শিল্প- বাণিজ্যৰ বিষয় কোনো নতুন কথা ওলোৱা মাত্ৰকে ৰাইজে আন্দোলন কৰিব ধৰে। আমি মৃতপ্ৰায় অসমীয়াই তেনেবিলাক কথালৈ কাণ- সাৰকে নিদিওঁ। কলখোৱা বাদুলীয়ে-খোৱা, ভবা মানুহক ৰাজভগ- নৰ কথা কলে কি হব! এইকাৰণে আজি বঙালী আগৰ বঙালী নহয়। ইতিপূৰ্ব্বে বঙ্গদেশত জাতিভেদৰ কট্ক‌টীয়া বান্ধ আছিল, আজি সেই বান্ধ প্ৰায় ঢিলা হৈ আহিব ধৰিছে। আগেয়ে বঙ্গদেশত সৰু ছোৱালী বিয়া দিয়া প্ৰথা আছিল, আজি-কালি তাত যৌৱন কালতহে বিয়া দিয়াৰ প্ৰথা চলিব ধৰিছে আৰু চলিছেও। পৰাশৰ সংহিতাৰ মতে হিন্দুৰ ভিতৰত কুমলীয়া বয়সৰ বিধবা বিয়া দিয়া কথাটি আগেয়ে বঙালীয়ে ছুইৰামকে নকৰিছিল, আজিকালি সেই প্ৰথা পণ্ডিতসকলে সমাজত চলাবলৈ অনুমোদন কৰিছে আৰু তাক ভদ্ৰলোকৰ ভিতৰত চলাই দেখুৱাইছেও। এই দৰে যেইপিনে চোৱা কেৱল সমাজসংস্কা- ৰকেইহে দেখি। কিন্তু অসমীয়া জাতিয়ে এতিয়া উলটি নিজৰ ভালখিনি এৰি আনৰ বেয়াখিনি গ্ৰহণ কৰিবলৈ শিকিছে। কৰ্ম্ম-বিভাগৰ