তেনেহলে আমাৰ দেশত ভাৰতৰ আন আন দেশৰ প্ৰদেশৰ লগৰীয়া
হবলৈ বেচি দিন নেলাগিব। এইটি কাম কৰিলে অসমীয়া মানুহৰ
মাটি-বাৰি বন্ধকত বিদেশীৰ হাতলৈ নগৈ নিজৰ হাততে থাকিব।
ৰাইজসকলৰ ভিতৰত যে কোনো কোনোৱে কলৰ পানী আৰু বিলাতী
পানীয়ে জাত মৰাৰ কথা কোৱা-মেলা কৰা শুনিছো, পৰিস্কাৰ পানীয়ে
জাত মৰাৰ কথা ভবাতকৈ অজ্ঞান কথা আন একো নাই।
ভাবি দেখিলে ময়লা পানীয়েহে আমাৰ জাত মাৰিছে, আমি ঘাইকৈ
প্ৰাণৰক্ষা কৰি জলৰূপী নাৰায়ণক অপব্যৱহাৰ কৰোঁ দেখিহে হাজাৰে
হাজাৰে আমাৰ দেশৰ মানুহ বছৰি বছৰি হাইজা, কলাজ্বৰ আৰু
ইনফ্লুয়েঞ্জা আদি মহামাৰী ৰোগৰ দ্বাৰা অকালতে মৰি ধুকাইছে।
জলৰূপী নাৰায়ণক যি ছুৱা কৰে তাৰ সমান অজ্ঞানী পাপী কোনো
নাই। আমি নিজৰ খোৱা-পানীটুপি নিকাকৈ খাবলৈ যত্ন নকৰোঁ,
বিল, খাল, নাদ, ডোঙা-ডুঙিৰ কলেৰা আদি বেমাৰৰ বীজ থকা
বিষাক্ত পানী আমি খাওঁ। সেইবাবেই আমি অকালতে ভেটি
উছন কৰি মৰোহঁক। এখন গাঁৱত অনেক জাতৰ মানুহ থাকে,
তাত যদি পকা পাটনাদ এটি কৰা হয়, সাধাৰণবৰ্গে তাৰ পৰা পানী
তুলি নিলে গোটেই নাদটি অশুচি হৈ পৰে, তাৰ পানী ভাল জাতৰ
মানুহে খালে জাত যায়, এনে কুসংস্কাৰ যিদেশৰ মানুহে পোঁহে সেই
দেশৰ মানুহৰে একো জাত নাই। জাত আছে সেইখন দেশৰ
মানুহৰ— যিখন দেশৰ মানুহে নিজ স্বাস্থ্য উন্নত কৰিবলৈ ভাল ঘৰত
বাস কৰে, পৰিস্কাৰ, বল-বুদ্ধি বৃদ্ধিকাৰক আহাৰ ভোজন কৰে,
পৰিস্কাৰ পিন্ধে আৰু সকলোপিনে পৰিস্কাৰ থাকে। জ্ঞানচকুৰে
বিচাৰ কৰি চালে আজিকালি ইংৰাজ আদি পৃথিৱীৰ আন আন
সভ্য জাতিৰহে জাত থকা দেখা যায়। আমি চকুৰ আগতে চাহাব
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কঃ পন্থাঃ