হাত পাতিবহি কিন্তু সিদৰে নহৈ সিহঁতেহে আমাৰ ওপৰত প্ৰাধান্য
বিস্তাৰ কৰিছেহি! আৰু তাৰ বিপৰীতে আমিহে পৰদেশীক সদায়
মগনীয়াৰ দৰে হাতপাতি আছোঁ আৰু পাতিব লাগিছোঁ। ইয়াৰ
মূল কাৰণ আমাৰ ইটি সিটিৰ ভিতৰত পৰশ্ৰীকাতৰতা, হিংসা
বিদ্বেষ আৰু অহঙ্কাৰ নহয় নে? এতেকে হে ৰাইজসকল! জাত
নোহোৱা জাতি, মানুহৰ ভিতৰত আমিহে। ভালদৰে জ্ঞানী আৰু
অজ্ঞানী বা সভ্য আৰু অসভ্য নোহোৱা মাজৰ অৱস্থাটি যেই কোন
মানুহলৈ বৰ ভয়ানক অৱস্থা। এনে অৱস্থাত পৰি আৰু ওপৰলৈ
উধাব নোৱাৰিলে যেই সেই জাতিয়েই ধ্বংস প্ৰাপ্ত হয়। আমাৰ
অসমীয়া জাতিৰ বৰ্ত্তমান এই অৱস্থা পৰিছে। এই কাৰণে হিংসা,
খিয়াল, বিদ্বেষ, অহঙ্কাৰে অসমীয়াৰ গাত বাহ বান্ধিছে। অসমীয়া
জাতিয়ে বৰ্ত্তমান অৱস্থাত জ্ঞানৰ ৰাজ্যখনিলৈ যাবলৈ ইচ্ছা কৰাৰ
কাৰণে ৰাজআলিটি ধৰিব নোৱাৰাত পৰিছে। পুৱঁতী নিশাৰ,
আগতে নৌ পোহৰ হওঁতে কিছুমান সময় কালৰাত্ৰি থাকে যাক
অসমীয়া ভাষাত দোকমোকালি বা লোকালোকি সময় বোলে। এই-
বেলা খোজকঢ়া বাটৰুৱাই যেনেকৈ খেলিমেলি লগায়, আমাৰ
অসমীয়া জাতিয়েও জ্ঞানৰ ৰাজআলি নাপাই সেইদৰে খেলিমেলি
লগাইছে। এইকাৰণে এতিয়া আমাৰ জাতিটিক ৰাজআলি দেখু-
ৱাৰ কাৰণে জনদিয়েক জ্ঞানৰ শলিতা হাতত লোৱা নেতাৰ প্ৰয়ো-
জন হৈছে। শঙ্কট নামে এখন বহল নৈৰ সিপাৰে জ্ঞানৰ ৰাজ্য
আছে, সেই ৰাজ্যৰ মাটিবিলাকত ঘৰ সাজি সুখে থকাৰ কাৰণে
পৃথিবীৰ মানুহে হেটা-ওপৰা লগাইছে। যেয়ে আগেয়ে নৈখন পাৰ
হৈ সেই ৰাজ্যত ভৰি দিবগৈ পাৰে সেয়ে তাত ঘৰ সাজিবলৈক
মাটি পাব। আশা নামেৰে জাহাজ এখনি যাত্ৰীক পাৰকৈ নিবলৈ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কঃ পন্থাঃ