গোসাঁইজনাই শলাগি পঢ়ে। বৈজ্ঞানিকৰ ভিতৰত টিণ্ডেলক শলাগে আৰু কোনো বৈজ্ঞানিককে নাস্তিক নাভাবে, কিয়নো বিজ্ঞানে আস্তিকতাহে ৰক্ষা কৰে।” এতিয়া এই ঔগুৰি সত্ৰৰ অধিকাৰ গোসাঁই ঈশ্বৰে থিয় দি কব ধৰিলে,—“ৰাইজসকল, মই গুটিদিয়েক কথা কওঁ সকলোৱে যেন কাণ পাতি শুনে। মই সকলো শাস্ত্ৰ আৰু মানৱজাতিৰ, পৃথিবীৰ বুৰঞ্জী পঢ়ি পঢ়ি গমি পাইছো যে সত্যযুগৰপৰা আজিলৈকে কোনো মানৱজাতিৰ সমাজ নিৰ্দ্দোষ নহয়। সময়ে সময়ে সভ্যজগতৰ সকলোজাতিৰ সমাজৰ কু-প্ৰথা থকা দোষ বিলাক প্ৰত্যেক জাতিৰ মনিষীসকলে শুধৰাই আহিছে। সত্যযুগ আৰু কলিযুগ—দৰাচলপক্ষে দেখিবলৈ গলে একো নহয়। কাল অনন্ত, তাক মানুহে ভাগ ভাগ কৰিছে। বছৰ, দিন, বাৰ, তিথি এইবিলাক মানুহেইহে পাতিছে। একোৰে নাম নাই, সকলোৰে নামকৰণ কেৱল মানুহে মাত্ৰ কৰিছে; মূলত যে ঈশ্বৰৰ অনন্তজ্ঞান কিছু অংশ আছে তাক মানুহৰ জ্ঞান-বুদ্ধিয়ে চিনাকি দিয়ে। মানু- হৰ জ্ঞান আনপিনে দকৈ বিচাৰ কৰি চালে সীমাৱদ্ধ নহয় বুলি কোনে কব পাৰে? এই কাৰণে চিৰকাল মানুহত দোষ-গুণ আছে আৰু সদায় থাকিব। কিন্তু মানুহ যদি মানুহ হৈ থাকিবৰ অৰ্থে জ্ঞানৰ ৰাজ্যত প্ৰবেশ কৰিব খোজে বা সেইকাৰণে চেষ্টা কৰে তেনেহলে দোষৰ ভাগ বহুপৰিমাণে কমি প্ৰকৃত মানুহ হৈ পৰে, তাকে নকৰিলৈ মানুহ পশুতকৈও অধম হয়। মানুহক ভগ- বানে সৃষ্টি কৰাৰ উদ্দেশ্য, জ্ঞানৰ উন্নতি সাধন কৰা। ৰাইজসকল! আপোনাসকলৰ অনেকে বহুকথা অজ্ঞানতা-দোষত অবুজ হৈ কোৱা মেলা কৰিছে। প্ৰকৃতপক্ষে চাবলৈ গলে বেদান্ত-দৰ্শনে যেনে মায়াক মিছা পাতি ৰজ্জুভ্ৰমে সব বুলি ব্যাখ্যা কৰিছে, জাতিভেদ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কঃ পন্থাঃ