নালাগে, তাৰ ভিতৰত তেখেতে এই কথাটি বৰকৈ ধৰে যে প্ৰকৃতি
(পৰমানু) পুৰুষ (চেতন) দুয়ো মিলি সৃষ্টি কৰা স্বীকাৰ কৰিলে
ঈশ্বৰ শক্তিৰ অনন্তত্ব আৰু অখণ্ডত্ব প্ৰমাণ কৰা অসিদ্ধ হৈ পৰে
এতেকে সাংখ্য মত ভুল। বেদান্ত দৰ্শনখিনি পঢ়ি ভাল পায় হয়
কিন্তু গোসাঁই অদ্বৈত্যবাদী নহয় তেখেতে কয় সমস্ত জগত ব্ৰহ্মাণ্ড
ব্ৰহ্মৰ বিকাশ হলেও সৃষ্ট আৰু স্ৰষ্টাৰ বিভিন্নতা গছ আৰু তাৰ
পত্ৰ পুষ্প আৰু ফলৰ দৰে এনে সৃষ্টিৰ ক্ৰিয়া অনন্ত দিন চলিয়েই
আছে আৰু চলিয়েই থাকিব। বৈশেষিক দশনখিনিক ভাল
পালেও কণাদক ঈশ্বৰতত্ত্ব বিচাৰ নকৰা এক প্ৰকাৰ নিৰীশ্বৰবাদী
বুলি ধৰে। জৈমিনী ঋষিকো এখেতে তেনেকুৱাই বোলে কিন্তু
জৈমিনীয়ে শব্দৰ নিত্যতা স্বীকাৰ কৰা বাবে একপ্ৰকাৰ ঈশ্বৰবাদীও
বোলে। পাতঞ্জল দৰ্শনখনিক বৰ ভাল পায়, তাৰ যোগতত্ত্ব
গৱেষণা কৰি তেখেতে এনে ঠাৱৰ কৰে যে আত্মাও পঞ্চভূতৰ দৰে
সৃষ্ট পদাৰ্থ। আত্মাৰও তলৰপৰা ওপৰ খাপলৈকে শৰীৰ ধাৰী-
জীৱ জগতৰ দৰে অনেক ৰাজ্য আছে। যোগ বলেৰে আত্মাৰ
উন্নতি কৰা কাৰ্য্য মৰ্ত্ত্যলোকবিলাকতে শেষ নহয়। তলৰপৰা
ওপৰ খাপলৈকে আত্মাৰ ৰাজ্যবিলাকতো জ্ঞান আৰ্জি তাৰ উন্নতি
সাধন আত্মাই কৰি থাকিব আৰু কৰিয়েই আছে। নিৰ্ব্বাণত্ব লাভ
কৰাকেই আত্মাৰ চৰম উন্নতি বুলি গোসায়ে কয় কিন্তু নিৰ্ব্বান হোৱা
মানে পানীত লোণ পমি যোৱাৰ দৰে বা পানীত পানী বা তেলত
তেল লগ লাগিলে যেনে একো চিন ছাপ নাথাকে তেনে নহয়।
বাৰে বাৰে আহি গৈ জন্ম নোহোৱাক হে নিৰ্ব্বাণ হোৱা বোলে।
এই নিমিত্তে যিবিলাকৰ কৰ্ম্মফল আত্মাৰ ৰাজ্যৰপৰাও ক্ষয় গৈছে
সেইবিলাকেই বিশুদ্ধ আত্মা। সেইবিলাক আত্মাই উলটি জন্ম-
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
কঃ পন্থাঃ