তেনেহলে আসাম দেশখন একে দোপেই উঠি বহিব। এখেতে ধৰ্ম্ম-
সত্ৰবিলাকক নিজৰ বুলি নাভাবে, এই কাৰণে শিষ্যে বছৰি বছৰি
দিয়া কৰখিনি আৰু সত্ৰৰ নামে তাহানি ৰজাই দান কৰা মাটি-
বিলাকৰ খাজানাখিনি এখেতে নিজৰ নিমিত্তে তাৰ এটি পাইকো
খৰছ নকৰি সত্ৰৰ ফণ্ডত জমা দি ৰাখে। নিজৰ সংসাৰ চলাবৰ
অৰ্থে দুশ পুৰামান মাটিত নানা তৰহৰ খেতি কৰে। কুঁহিয়াৰৰ
খেতি প্ৰায় ৫০ পুৰামান মাটিত চলাইছে। ধান খেতি ১০০ পুৰামান
মাটিত বছৰি বছৰি কৰে। একে বিধ মাটিতে প্ৰায় দুটা দুটা খেতি
কৰে। কাতি নেউলি ধান, কাতি অন্ত হলেই অলপ জিপ্ জিপীয়া
মাটিত কলা মাহ সিচি দিয়ে আৰু সেই মাটিখিনিৰ চাৰিওপিনে
বেৰা দি ৰাখে; ফাগুন মাহত সৰহ পৰিমাণে কলা মাহ পায়।
শালী ধান পুহ মাহত কাটি অতোৱা মাত্ৰকে হাল চহাই তাত আহু
ধান সিচি দিয়ে। বাৰিষা যি মাটিত দ পানী হয় তাত বাও দিয়ে।
খেতিৰ মোল এই গোসাঁইজনে যেনে জানে বিচূৰ্ত্তিৰ কথা। তেখেতৰ অনেক শিষ্যে আৰু পৰ-শিষ্যেও এখেতৰ ওচৰত আহি খেতি
কৰা কাম শিকি যায়হি! এখেতে কলা মাহ সিচা মাটিখিনিৰ নৰাৰ
বাহিৰে প্ৰায় গোটেই মাটিৰ নৰা কাটি জমা কৰি ৰাখি গৰুক দিনে
ৰাতি খাবলৈ দি থাকে আৰু তাকে গাঁত খানি পচাই ৰাখি মাটি
বিলাকলৈ সাৰ প্ৰস্তুত কৰে। ধানখেৰ আৰু নৰা এডালিকো পেলনি
যাব নিদিয়ে, গৰুৰ গোবৰ আৰু তেল পেৰা খলিহৈখিনি বৰ যত্ন
কৰি ৰাখে। গোবৰ ঘৰৰ চাৰিউপিনে যতে ততে পেলাব নিদিয়ে।
দূৰৈত গাত খানি পেলাই ৰাখে। এটা গাত পূৰ্ণ হলেই মাটি দি
পুতি ৰাখে। এইদৰে গোবৰবিলাক মাটিত মিলি মাটি হৈ পৰিলে
তাক নিয়াই মাটিত সাৰ ৰূপে ব্যৱহাৰ কৰে। এইজন গোসাঁই
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কঃ পন্থাঃ