পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
কঃ পন্থাঃ


ডিব্ৰুগড়বাসী সকলক ধন্যবাদ দিওঁ যে তেখেতসকলে অসমীয়া ছোৱালী বিলাকৰ শিক্ষাৰ বাট মোকলাইছে।” সিদ্ধেশ্বৰ বৰুৱা ডাঙৰীয়াই এইদৰে তেখেতৰ নিজৰ কথা ওৰ পেলোৱাৰ পিছত বাৰে চহৰৰ ৰাইজৰ ভিতৰত অনেক কথাৰ গলাগপা উঠি পৰিল। কিছুমানে কবলৈ ধৰিলে বৰ সাৰুৱা কথাখিনি কৈছে, আগৰ নিয়মক সাৱটি ধৰি থাকিলে এতিয়া আৰু আমাৰ গা নৰয়। কোনো কোনোৱে কবলৈ ধৰিলে, “জাত, জাত! জাতনো আজিকালি কাৰ আছে? বজাৰত উহুৱা চাউলে, ভাটিৰ নিমখে, কল আৰু বিলাতী পানীয়েই সকলোৰে জাত মাৰি থৈছে।” কোনোৱে কয় “জাত বাহিৰতহে, ভিতৰি ভিতৰি আজিকালি কাৰো জাত নাই।” কোনোৱে কয় “ইংৰাজী পঢ়াবিলাকেই সকলোৰে জাত মাৰিছে।” কোনোৱে কয় “ছোৱালীক লিখা-পঢ়া শিকালে বাবুৱানীহে পতা হব; খোৱা- বোৱাৰ কাম আৰু সিহঁতে নকৰে, কেৱল বেয়া চৰিত্ৰৰহে হব।” বামুণজনদিয়েকে কলে “এতিয়া ঘোৰ কলিকাল পৰিল— সকলোৱে একাকাৰ হবৰ দিন আহিছে। বক্তা কেজনে সত্যযুগৰ ঋষিসকলৰ মত বা শাস্ত্ৰাচাৰৰ কথা কৈছে। এতিয়া কলিযুগত সেই সোপা কথা নাখাটে। সত্যযুগত বামুণ তপোবনত বৰ তেজীয়ান আছিল, গৰু খায়ো তাক জীয়াব পাৰিছিল,—এতিয়া কালৰ বামুণৰ তেজ হীন হৈ গল। সত্যযুগৰ আচাৰ-ব্যৱহাৰ এতিয়া নাখাটে।” বাৰ চহৰৰ সমূহ ৰাইজৰ ভিতৰতে দুবৰি বনৰ ওপৰত ৰঙা থঙা এখনিত বহি ঔগুৰীয়া সত্ৰৰ অধিকাৰ চাৰুচন্দ্ৰ গোস্বামী প্ৰভুৱে ৰাইজে মুখে মুখে নানা কথাৰ গলা-গপা কৰা শুনি আছিল। এই অধিকাৰ গোসাঁইজনক আসামৰ এজন আদৰ্শ গোসাঁই বুলিব লাগে তেখেতৰ দৰে যদি আসামৰ আন আন সত্ৰৰ গোসাঁইসকলে উঠে