যাক বলে তাক জ্ঞানীলোকেহে গঠন কৰে, অজ্ঞানীয়ে পিছে পিছে
অনুসৰণ কৰে; এতেকে জ্ঞানীসকলে জানি বুজিও যদি সমাজৰ কু-
প্ৰথাবিলাক সংস্কাৰ নকৰে তেনেহলে ইয়াতকৈ আৰু কি পাপ হব
পাৰে। ব্ৰাহ্মণ আদিৰ ছোৱালীবিলাকক যৌৱন-বিবাহ আৰু বিধবা
বিবাহ দিব পৰা কথা শাস্ত্ৰে বিধি দিয়া স্থলতো তাক তেখেতসকলে
নকৰি তাৰ দ্বাৰাই কি ভয়ানক মহাপাপৰ আৰু নিষ্ঠুৰতাৰ কাৰ্য্য কৰাইছে,
তাক দেশাচাৰৰ কু-প্ৰথা ভঙ্গ কৰাৰ ভয়ত কৰা নহয়নে? ব্ৰাহ্মণাদিৰ সৰু
কালতে ছোৱালী বিয়া দিয়াৰ প্ৰথাৰ দ্বাৰা স্ত্ৰী-জাতিক বা মাতৃকূলক
উচ্চশিক্ষা দিয়াৰ বাটত ডাঙৰ হেঙাৰ এডাল বন্ধাৰ দ্বাৰাই জ্ঞানৰ
ৰাজ্যত প্ৰবেশ কৰিবলৈ চিৰকাল বঞ্চিত কৰি ৰখা হৈছে। সৰু
কালতে অৰ্থাৎ ঋতু নৌ হোৱাৰ আগতে ছোৱালী বিয়া নিদিলে জাতি-
ধৰ্ম্ম নষ্ট পোৱাৰ ভয়ত কন্যাক সুপাত্ৰত দান কৰিবলৈ সময় নাপাই
যাকে তাকে ৰুগীয়া হোক ঘুণীয়া হোক বিচাৰ নকৰি কন্যাদায় এৰাবৰ অৰ্থে বিবাহ দিয়াৰ পৰা বহুত ছোৱালী অকালতে বিধবা হয়
আৰু অনেকে কুপতিৰ দোষত চিৰজীৱন কষ্টও পায়, এইদৰে আকৌ
বহুতে অকালতে মৃত্যু-মুখত পতিত হয়। জ্ঞানৰ ৰাজ্য বিস্তাৰ কৰাৰ
মুলত যে মাতৃকূলক উচ্চশিক্ষা দিয়া, এই কথাটিও অকণো ভুল নাই,
কাৰণ মাতৃ ভালেই সন্তান ভাল হয় আৰু মাতৃৰ মুখৰ পৰাহে সন্তানে
জ্ঞান-শিক্ষা আৰম্ভ কৰে। এই মাতৃজাতিক যি দেশৰ মানুহে অজ্ঞান-
অন্ধকাৰত পেলাই ৰাখে নিশ্চয় নিশ্চয়কৈ সেইজাতি ভগৱানৰ অভি-
শাপগ্ৰস্ত জাতি আৰু সেইজাতিৰ পাপ-পঙ্কৰ পৰা কেতিয়াও উদ্ধাৰ
নাই। আসামৰ ভিতৰত গুৱাহাটী প্ৰধান নগৰ। কি পৰিতাপৰ কথা!
এই নগৰখনিত ছোৱালীক শিক্ষা দিয়াৰ কাৰণে কোনো এখনি
উচ্চ বিদ্যালয় বা বোডিং বুলিবৰ ঠাই নাই! কিন্তু ওপৰ আসামৰ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কঃ পন্থাঃ