পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কঃ পন্থাঃ


মহাজ্ঞানী জাতি থকা গতিকে তেখেতসকলৰ জাত একোৱে মাৰিব নোৱাৰিছিল। আমি যদি আগৰ আৰ্য্যজাতিৰ সন্তানেই হওঁহক তেনেহলে তেওঁলোকৰ শাস্ত্ৰাচাৰ মতে নচলি নিষ্ঠুৰ দেশাচাৰৰ দ্বাৰাই চলাত আমাৰ জাত যোৱা নাইনে? ছোৱালীবিলাকক লেখা পঢ়া শিকাই জ্ঞানী নকৰি সৰুকালতে বিয়া দিয়াৰ দ্বাৰা, আমাৰ জাত যোৱা নাইনে? বিধৱা ছোৱালীবিলাকক পুনৰায় বিয়া নিদি ঘৰত ৰাখি থৈ আৰু সিহঁতক ঘোৰ অজ্ঞানতা-অন্ধকাৰত সদায় পেলাই ৰাখি ব্যভিচাৰ আৰু ভ্ৰুণ-হত্যা আদি মহাপাতকৰ কাৰ্য্য কৰি আমাৰ জাতি নীচেই তল খাপত নমা নাইনে? এনে অজ্ঞান বিধৱা ছোৱালীবিলাকে—প্ৰলোভনতেই হওক বা কাৰো সৈতে প্ৰেম ওপজাতেই হক বিধৱা-ধৰ্ম্ম ভঙ্গ কৰিলে পুৰুষটিক বৰিয়া বা পতিত হবলৈ নিদি বিধৱাজনীক ঘৰৰপৰা খেদি দিয়া প্ৰথাই আমাৰ জাত অধম কৰা নাইনে? সত্য গ্ৰহণ নকৰি মিছাক সাৱট মাৰি ধৰা প্ৰথাই আমাৰজাত নিনিয়াইনে? ভাৰতবৰ্ষৰ আৰ্য্যজাতিৰ জাত তেতিয়া আছিল, যেতিয়া আৰ্য্যসকলৰ ভিতৰত ব্ৰাহ্মণবিলাক মহাজ্ঞানী আৰু সৰ্ব্ব-শাস্ত্ৰত বিশাৰদ আছিল। কি ধৰ্ম্মত, কি কৰ্ম্মত, কি ৰাজনীতিত, কি অস্ত্ৰ-বিদ্যাত কোনো বিদ্যাতেই বামুণ অপটু নাছিল। ইয়াৰ বাহিৰেও কৃষি, শিল্প, বাণিজ্য আদিতে বামুণ সুশিক্ষিত আছিল। যুদ্ধ-কৌশল আৰু ধনুৰ্ব্বিদ্যাত অৰ্থাৎ অস্ত্ৰ- শাস্ত্ৰ, কুচ-কাৱাজ আৰু সৈন্যচালনা, ব্যুহৰচনা কৰা কাৰ্য্যবিলা- কত বামুণ এনে নিপুণ আছিল যে, হিন্দুৰ ক্ষত্ৰিয় ৰজাসকলে নিজ নিজ পুত্ৰবিলাকক ৰণ-কৌশল আৰু অস্ত্ৰ-শিক্ষা দিয়াৰ অৰ্থে বামুণসকলৰ ওচৰতহে পঠাইছিল তাৰ প্ৰমাণ শ্ৰীৰামচন্দ্ৰেও বশিষ্ঠ ঋষিৰ ওচৰত যুদ্ধ-বিদ্যা শিক্ষা কৰিছিল। আৰু দ্ৰোণ