যত্নতঃ” এনে কথা দঢ়াই দঢ়াই নকলেহেতেন। কন্যাক জ্ঞান
হলে অৰ্থাৎ ১৬ বা ১৮ বছৰীয়া বা তাৰ উপৰি হলেহে বিয়া দিয়াটো
যদি ধৰ্ম্মমত নহলহেতেন তেনেহলে “অজ্ঞাত পতি মৰ্য্যদামজ্ঞাত-
মনুশাসনম্ নোদ্বাহয়েৎ পিতা কন্যা” এনেকথা মনুৱে কেতিয়াও
নকলেহেতেন। এইবিলাক কথা বিচাৰ কৰি দেখিলে বুজা যায়
স্ত্ৰীশিক্ষা অতিকৈ যত্ন কৰি আৰ্য্যজাতিয়ে দিয়াৰ চলতি থকাৰ
গতিকেহে আৰ্য্যজাতিয়ে জ্ঞানৰ আচৰিত উন্নতিসাধন কৰিব পাৰিছিল। তাৰ প্ৰমাণ বেদৰ সুক্তও তিৰোতাই বন্ধা পোৱা যায়।
ইয়াৰ বাহিৰেও যাজ্ঞ্যবল্কৰ লগত গাৰ্গীয়ে ব্ৰহ্ম-জ্ঞান সম্বন্ধে তৰ্ক পাতি
যাজ্ঞ্যবল্ক হেন মহা ব্ৰহ্মজ্ঞানী ঋষিক হাৰাশাস্তিত পেলাইছিল
মৈত্ৰেয়ীৰ ব্ৰহ্ম সম্পৰ্কে বিচাৰ, লীলাৱতীৰ অঙ্কশাস্ত্ৰ, জ্যোতিষত খনাৰ
পটুতা এইবিলাকেই সাক্ষী নহয়নে? অকুমাৰী কালতে ছোৱালী
বিয়া দিয়াৰ প্ৰথা তেতিয়াৰ দিনত থকাহেতেন স্ত্ৰীজাতিৰ এনে
উন্নতি হব পাৰিলেহেতেন নে? আমি যে কথাই কথাই জাত
যায় যায় কৰোহঁক, আমাৰ জাত কেতিয়াবাই গল, আমি জাতৰ তল
খাপত যিমান নামিব লগা ঠাই আছে তিমানখিনিলৈকে নামিলোঁ
আৰু নামিছোঁ। ইয়াতকৈ নামিবলৈ আৰু আমাৰ ঠাই নাই। এই
কাৰণে যাৰ জাত আছে তাৰ জাত নাযায়, যাৰ জাত নাই তাৰ
হে জাত যায়, ইয়াৰ মানে এই যে পৃথিবীৰ মানৱজগতৰ যি
বিলাক সভ্য, পৰাক্ৰমী, শৌৰ্য্য-বীৰ্য্যশালী জ্ঞানী জাতি, তাৰ জাত
নাযায় আৰু যাবও নোৱাৰে, কিন্তু অধঃপতিত অজ্ঞানী জাতিৰ হে
জাত যায় অৰ্থাৎ মানুহ নহৈ পশুৰ দৰে থাকিব খোজা জাত নথকা
মানুহবিলাকৰ হে জাত যায়। এই কাৰণেই জ্ঞানৰ জাত নোযোৱা
অজ্ঞানৰ জাত যোৱাটো প্ৰমাণসিদ্ধ কথা। অতীজৰ আৰ্য্যজাতি
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কঃ পন্থাঃ