পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
কঃ পন্থাঃ


আগেয়ে ঋষিমুনিৰ দিনত ভাৰতৰ আৰ্য্যজাতিৰ উন্নতিৰ মূলত জ্ঞানৰ উন্নতিয়েই সাৰ কথা। আৰ্য্যজাতি জ্ঞানৰ উন্নতিৰ এনে ওখ খাপত উঠিছিল যে তাক পৃথিবীৰ আধুনিক সভ্যজাতিসকলে চিন্তি আচৰিত মানে। পৃথিবীৰ মানবজাতিৰ ভিতৰত ঋকবেদেই আদি ধৰ্ম্ম শাস্ত্ৰ বুলি বৰ্ত্তমান সভ্য জগতে স্বীকাৰ কৰিছে। আৰ্য্যজাতিৰ চাৰিখন বেদ, আৰু সাংখ্য, বৈশেষিক, জৈমিনী, পাতঞ্জল, ন্যায় আৰু বেদান্ত এই ছয়খন দৰ্শন শাস্ত্ৰই মানৱজাতিৰ আদি দৰ্শনশাস্ত্ৰ বুলিলেও বঢ়াই কমাই কোৱা নহয়। মনু, বৃহস্পতি, অত্ৰি, পৰাশৰ আদি সংহিতা বা আইনবিলাক ত্ৰিকালজ্ঞ ঋষিসকলে এনেদৰে বান্ধি থৈ গৈছে যে তাতে বৰ্ত্তমান নতুন সময়ৰ উপযোগী বিধানবিলাকো আছে। সেই বিধানবিলাক এনে আচৰিত যে আজিকালি আমি বৰ্ত্তমান সময়ৰ নিয়ম মতে কেনে হোৱা উচিত আৰু কেনে হব লাগে তাৰো বিধান বিচাৰি উলিয়াব জানিলে তাতেই লেখা আছে। আমি আৰু বৰ্ত্তমান যুগৰ উন্নতিৰ বাটত আগবাঢ়িবলৈ নকৈ একে বিধান বান্ধিব নালাগে। মুঠৰ ওপৰত চাবলৈ গলে বৈদিক কালৰ শাস্ত্ৰাচাৰ খিনি বৰ্ত্তমান অধঃপতিত হিন্দুসমাজত চলালেই এতিয়া আমাক যি যি লাগে সেয়ে ওলাই পৰে। কুচ্ছিত দেশাচাৰেই আমাক পশুতকৈও যে অধম কৰিছে তাক হে কামৰূপী ব্ৰাহ্মণপণ্ডিতসকলে এবাৰ দকৈ গমি চোৱা উচিত। এনে হেন উন্নতিৰ অতি ওখ খাপত উঠা আৰ্য্যজাতি কিহৰ বলত বৰ্ত্তমান সভ্যজাতিসকলে আচৰিত দেখা অতি সভ্য জাতি হৈ পৰিছিল? জ্ঞানৰ বলত। এই জ্ঞান পুৰুষ প্ৰকৃতি উভয়ে সমানে আৰ্জ্জিব পাৰিছিল। স্ত্ৰী শিক্ষা আৰ্য্যজাতিৰ ভিতৰত সমান ভাবে প্ৰৱলৰূপে যদি চলতি নাথাকিলহেতেন তেনেহলে মনুৱে কেতিয়াও “কন্যাপ্যেবং পালনীয় শিক্ষনীয়াতি-