পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
কঃ পন্থাঃ


বাবে প্ৰকাশ্যে বেশ্যা কাম কৰিব নোৱাৰিছিল কিন্তু বঙ্গদেশৰ বেশ্যাৰ ঢৌৱে এতিয়া সিহঁতকো বেশ্যা কৰি পেলাইছে। ধৰ্ম্মৰ পিনে চাবলৈ গলেও বঙ্গদেশত বৈষ্ণৱ ধৰ্ম্মত ৰাধিকা প্ৰেমৰ চিত্ৰই বৈষ্ণৱ সম্প্ৰদায়ৰ ভিতৰত প্ৰধান। তাৰ ফলত শ্ৰীচৈতন্যদেৱৰ বৈষ্ণৱ ধৰ্ম্ম এতিয়া সমাজচ্যুত বিধৱাবিলাকৰহে হৈ উঠিছে। বঙ্গদেশত ৰাধিকা সৰহ হৈ পৰিল এই কাৰণে সেই দেশ ৰাধিকাৰ প্ৰেমৰ দেশ। আমাৰ শঙ্কৰদেৱ আৰু দামোদৰদেৱৰ বৈষ্ণৱ ধৰ্ম্মত ৰাধিকা প্ৰেম নাই তথাপি দামোদৰীয়া সম্প্ৰদায়ে মহাপুৰুষ দামোদৰদেৱক এতিয়া শ্ৰীচৈতন্যৰ শিষ্য পাতিব খোজে এই কথা কেৱল নাৰদেহে লগাই কৰিব খুজিছে। মহাপুৰুষসকল যে কাৰো শিষ্য নহয়, তেখেত সকলক ভগৱানে স্বয়ং তেখেতসকলৰ হৃদয়ত আবিৰ্ভাৱ হৈ শিষ্য কৰিছে, এই কথা কোনেও জ্ঞান চকুৰে নাচায় আজিকালি অনাহকত মহাপুৰুষীয়া আৰু দামোৰীয়াৰ ভিতৰত কন্দল লগোৱা অৰ্থে এই কথাৰ চেলু পাতি লোৱা হৈছে। আসাম দেশত যে অতীজৰে পৰা বামুণ কলিতা আছিল তাক লাহে লাহে প্ৰমাণ কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। আসামলৈ বামুণ অহা বঙ্গদেশৰ দৰে আধুনিক নহয়। বঙ্গদেশৰ ৰজা আদি শূৰৰ দিনত কনৌজৰ পৰা সাত ঘৰ বামুণ আৰু সাত ঘৰ কায়স্থ অনা হয়। তাৰে পৰা বঙ্গদেশত বামুণ কায়স্থৰ সৃষ্টি হৈ বঙ্গদেশখন ভৰি পৰিল কিন্তু আসামত উমান পোৱা গৈছে বামুণ কলিতা দুয়ো আগৰে পৰা আছে। সম্ভৱতঃ বৈদিক সময়ৰ পৰাই আছে, কিয়নো কলিতা জাতৰ মানুহ আসামতহে আছে। কলিতাবিলাক যিস্থলত আচল হিন্দু আৰু উচ্চ জাতৰ মানুহ, বঙ্গদেশৰ কায়স্থৰ দৰে বামুণৰ পিছতে, তেনে

হলে এই কথাই প্ৰমাণ কৰে, আসামত বামুণ নথকাহেতেন কলিতা