পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কঃ পন্থাঃ


বামুণে যে চাৰিকুৰি আৰু এশৰ উপৰি তিৰোতা বিয়া কৰাইছিল তাক কি কব পাৰি আৰু তেনে কুলীন বামুনৰ সন্তানহে বঙালী কুলীন বামুণবিলাক। এনেস্থলত আমাৰ আসাম দেশে বঙালীৰ সামাজিক প্ৰথা অনুকৰণ কৰে কেলৈ? বঙালীৰ সামাজিক প্ৰথা স্বামীৰ বিয়োগ হলে বামুণ শুদিৰ সকলোৰে তিৰোতাই বিধবা যন্ত্ৰণা ভোগ কৰে, বিধবা উলটি বিয়া দিলে জাত যায়। আমাৰ আসাম দেশত অতীজৰে পৰা বামুণক এৰি শুদ্ৰাদিৰ তেনে প্ৰথা কতো নাই আৰু নাছিল। বঙ্গদেশৰ বিধৱা, পুৰুষৰ লগত প্ৰেম হৈ পতিতা হলে বিধৱাজনীৰ গাত হে দোষ হয়, পুৰুষটিৰ গাত নহয়। এই কাৰণে পুৰুষটিক সমাজৰ ভিতৰত ৰাখি বিধবাজনীক বেশ্যা হবলৈ খেদি পিতৃকুল আৰু স্বামীকুল দুয়ো কুলকে নৰকগামী কৰা দস্তুৰ আছে, আমাৰ আগেয়ে তেনে নাছিল। উভয়কে বৰিয়া বামুণ বামুণী কৰি সমাজৰ তলখাপত ঠাই দিয়া প্ৰথা আছিল, তাৰ দ্বাৰা সমাজ ভ্ৰুণ-হত্যা মহাপাপৰ পৰা ৰক্ষা পৰিছিল। বামুণৰ বিধৱা বা জহৰা সন্তানৰ গৰ্ভকৰা মূলত বামুণহে, শুদিৰ কচিৎ বুলি জনা যায়। এই কাৰণে বৰিয়াবিলাক তল খাপৰ বামুণ। এতেকে বৰিয়াবিলাকক এতিয়া সমাজ আগৰ দৰে নাৰাখি নেপালৰ যোসী বামুণৰ দৰে ৰাখি পতিতা বিধৱাবিলাকৰ অভিশাপৰ পৰা গোসাঁই বামুণৰ সমাজে মুক্তি লাভ কৰক।” জ্ঞানী বৰিয়া ব্ৰাহ্মণজনে এই খিনি কথা কৈ বহাৰ পিছত সিদ্ধেশ্বৰ বৰুৱা এম-এ, কলিতা জনে মালৌ পথাৰৰ দুবৰি ঘাঁহনিত বহা ৰাইজসকলৰ ভিতৰৰ পৰা উঠি কবলৈ ধৰিলে; “বৰ্তমান যুগধৰ্ম্ম অনুসৰি বা তাৰ ফুটত উঠিবলৈ আমাৰ দেশত এনে সামাজিক সুপ্ৰথা আগৰে পৰা চলিত আছে, সেইবিলাকক আজি কালি ভাৰতৰ আন আন প্ৰদেশবিলাকৰ সমাজ-