দিব নোৱাৰোঁ। এতেকে আমাকহে আচলকৈ হিন্দুধৰ্ম্মী বুলিব
লাগে কিয়নো আমি হিন্দুৰ আগৰ ঋষিমুনিয়ে শাস্ত্ৰ মতে
চলিছোঁ— এই কাৰণে আমি অনাচাৰী গোসাঁই বামুণতকৈ ওখ জাতৰ।”
গোহাঁইদেও বৰ শিক্ষিত আৰু দেশহিতৈষী লোক! তেখেতে কথা-
বিলাক ভাঙি পিটিকি যেতিয়া এনেদৰে কলে, তেতিয়া নদীয়ালৰ
ফালৰ এজনে মাত লগালে, তেন্তে আমাৰ জাতো নীহ নহয়, আমাৰ
জাতো ওখ, এইদৰে তল খাপত পৰি থকা বুলি ভবা অৰ্থাৎ
“দেছপাইজ” ক্লাছৰ মানুহে এটি এটিকৈ আগাপিছাকৈ শলাগিব
ধৰিলে, তেন্তে আমিও এইদৰে চালে গোসাঁই বামুণ মহন্ততকৈ ওখ
জাতৰ মানুহ, এতেকে ৰাইজসকল! আমাৰ জাতবিলাক যে
সৰু এনে কথা আজিৰ পৰা নাভাবোহঁক। এই সময়ত এজন জ্ঞানী
সুতকুলীয়া মানুহে উঠি কব ধৰিলে, “ৰাইজসকল আৰু ডাঙৰীয়া
সকল, মই এটি নিবেদন কৰোঁ, আমাৰ জাতক আসাম দেশত
বৰিয়া বোলে। এই বৰিয়া শব্দটি বাৰিয়া শব্দটিৰ পৰা বৰিয়া হৈ
পৰিছে কাৰণ অসমীয়া ভাষাত দেখা যায় অনেক স্থলত আকাৰ লোপকৰি
অকাৰ উচ্চাৰণ কৰা হয় যেনে ৰাজাৰ ঠাইত ৰজা ইত্যাদি।
আমি আচলতে বাৰিয়া কিয়নো আমি বাৰী বামুণীৰ সন্তান। আমাৰ
গাতো বামুণৰ তেজ আছে। আজিকালি আমাৰ জাতৰ মানুহৰ
সংখ্যা কম হৈ যাব ধৰিছে। ইয়াৰ কাৰণ পুৰণি দিনত গোসাঁই বামুণ
আদিৰ বিধৱা ছোৱালী ইন্দ্ৰিয় তাড়নাত ধৰ্ম্ম ৰাখিব নোৱাৰি পতিতা
হলে বাদ লগা স্ত্ৰী-পুৰুষ দুয়োকে সমাজে আমাৰ শাৰীলৈ নমাই
দিয়া প্ৰথা আছিল। এই প্ৰথাৰ দ্বাৰাই সমাজ এতিয়াৰ দৰে নিষ্ঠু
ৰতা আৰু ভ্ৰুণ-হত্যা মহাপাপত পঙ্কিল নাছিল। বিধৱাত পতিত
হৈ বদনাম লগা পুৰুষটিয়েও সমাজ পাই মুনিহ তিৰোতা দুয়ো লগ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/২৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কঃ পন্থাঃ