পৃষ্ঠা:কঃ পন্থাঃ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কঃ পন্থাঃ


মহাপাপৰ কাৰ্য্য নহয়নে? এনে পাপজনক কাৰ্য্যই গোসাঁই বামুণ আদি উচ্চ জাতৰ মানুহক জাতি ভ্ৰষ্ট নকৰেনে? বুঢ়াই যি মূলত ইন্দ্ৰিয় দমন কৰি থাকিব নোৱাৰা হেতুকে বিয়া কৰিবলৈ বাধ্য হয় তেনেহলে যুৱতী বিধৱা ছোৱালীৰ গাত দোষ কি? অৱশ্যে ডেকা কি বুঢ়াৰ কোনো কোনোৱে ইন্দ্ৰিয় দমনত ৰাখিব নোৱাৰা কথাটি অগ্ৰাহ্য কৰিব নোৱাৰি তেনে অৱস্থাত স্ত্ৰী-বিয়োগ অভাৱ পূৰণৰ অৰ্থে বুঢ়া বৰলাই, লৰা ছোৱালীৰ প্ৰায় মাতৃ বয়সীয়া বাৰীক বিয়া কৰিলেহে ডেকা আৰু গাভৰু লৰা ছোৱালীয়ে তেওঁক মাতৃ জ্ঞান কৰি ভক্তি কৰিব, এনে কথাত তিমান লজ্জাহীনতাৰ দোষ নাখা- টিবও পাৰে কিন্তু বুঢ়াই কুমলীয়া ছোৱালী, ডেকা, লৰা, বিধৱা বা অবিধৱা গাভৰু ছোৱালীৰ আগত বিয়া কৰাই গৃহবাস কৰাটো কেনে মহাপাপৰ আৰু জাত তললৈ যোৱাৰ কাৰ্য্য তাক ৰাইজসকল, ভাবি চাওক। এই প্ৰকাৰে ভাবি চালে আমি আহোম, চুটিয়া প্ৰভৃতি গোসাঁই বামুণতকৈ ওখ জাতিৰ বুলিহে ধৰিব লাগে, কিয়নো আমাৰ বুঢ়াই প্ৰায় মাতৃবয়সীয়া বাৰীকহে নিজৰ তিৰোতা ঢুকালে আনে আৰু ছোৱালী বাৰী হলে গোসাঁই বামুণৰ দৰে গাভৰু বিধৱা ছোৱালী ঘৰত ৰাখি থোৱাৰ বাবে ভ্ৰুণ-হত্যাৰ পাপ আমাৰ সমাজৰ গাত নানে আৰু আমাৰ সৰু কালতে ছোৱালী বিয়া দিয়া প্ৰথাও নাই, বিধৱা অৱস্থাত থকাৰ দোষৰ বাবে প্ৰায় আমাৰ ছোৱালীক মছলমান আৰু বঙালে নি বেশ্যা কৰি থৈ যাবলৈকো নাপায়। এতেকে গোসাঁই বামুণতকৈ আমাৰ হে ওখ জাত। আন পিনে চালে আমি প্ৰায় আমাৰ ছোৱালীবিলাক জোৰ জবৰ দস্তিকৈ যাকে তাকে বিয়াও দিব নোৱাৰোঁ; আমাৰ ছোৱালীৰ অনেকে নিজে স্বামী বাছি লয়। দৰাকন্যা দুয়ো ৰাজী নহলে আমি বিয়া