পৃষ্ঠা:কঃ পন্থাঃ.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কঃ পন্থাঃ


জাতিৰ বৰকৈ জ্ঞানৰ উন্নতি থকা গতিকে আৰ্য্যজাতি এসময়ত পৃথি- বীৰ অধীশ্বৰ আছিল। কিন্তু আজি কালিৰ গোসাঁই বামুণসকলে তিৰোতা জাতিক শিক্ষা দি উন্নত কৰা দূৰৰ কথা তদুপৰি সিসকলক যিমান অজ্ঞান কৰি ৰাখিব পাৰিছে তিমানে ৰাখিছে। আৰু কেনে কু-প্ৰথা চোৱা গোসাঁই বামুণ হৈ নিজৰ ছোৱালীক অনেকে ধনলৈ বিক্ৰী কৰিহে বিয়া পাতে। বঙ্গদেশৰ আধুনিক ৰঘুনন্দন স্মাৰ্ত্ত অৰ্থাৎ ন মত প্ৰচলনকাৰী ভট্টাচাৰ্য্যজনে আগৰ শাস্ত্ৰাচাৰ কাতি কৰি থৈ বিধান কৰিলে যে আঠ বছৰ বয়সতে ছোৱালী বিয়া দিয়া কৰ্ত্তব্য। বঙালী ভট্টাচাৰ্য্যে আজি কালিৰ দিনত এই ব্যৱস্থা বান্ধি দিলে আমাৰ অসমীয়া ভট্টাচাৰ্য্যেও তাকেই ধৰিলে। আমাৰ দেশৰ মাটি পানীৰ গুণ অনুসাৰে যিবিলাকে খিলঞ্জীয়া ভাল আচাৰ ব্যৱহাৰ তাক বঙালী গুৰু সোমাই সোমাই প্ৰায় নষ্ট কৰি পেলালে। বঙা- লীৰ বহু বিবাহৰ কুলীন প্ৰথা আমাৰ ব্ৰাহ্মণ আৰু কায়স্থ, কলিতা সকলেও ধৰিব খুজিছিল কিন্তু আজিকালি প্ৰায় তেনে প্ৰথা লোপ পাই আহিব ধৰিছে। তথাপি ঠায়ে ঠায়ে আঢ়ৈকুৰি তিনিকুৰি বছ- বীয়া বুঢ়া গোসাঁই বামুণে আজিও ৮।১০ বছৰীয়া বামুণী ছোৱালী বিয়া কৰাই শেহত তিৰোতাক অলপ বয়সতে বিধবা কৰি এৰি থৈ ভৱসংসাৰ পাৰ হয়। অঠ দহ বছৰ বয়সীয়া ছোৱালীক বিয়া দিয়া বামুণ কায়স্থৰ যি প্ৰথা সেই প্ৰথা দেখিবলৈ গলে হিন্দু শাস্ত্ৰমতে অসিদ্ধ কিয়নো মানৱধৰ্ম্ম বিচাৰ কৰি দেখিলে “অজ্ঞাত পতি মৰ্য্যদামজ্ঞাতা মনুশাসনং নোদ্বাহয়েৎ পিতা কন্যা” ইত্যাদি শাস্ত্ৰৰ বচন অমান্য কৰি ছোৱালীয়ে কেনে পাত্ৰ বিয়া কৰিব, তাই পছন্দ কৰিবৰ জ্ঞান নজন্মা অৱস্থাত যাকে তাকে ধৰি আনি ধন লৈ বিয়া দিয়া ছোৱালীজনীক অপইতা বয়সৰে পৰা পশু-বৃত্তি শিকিবলৈ দিয়া বা