পৃষ্ঠা:কঃ পন্থাঃ.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কঃ পন্থাঃ


নোৱাৰিব ই ধৰা-বন্ধা কথা। এই হেতুকে হৰিক ভক্তি কৰিবলৈ শিকাৰ অৰ্থে মুনিহ তিৰোতা দুয়ো সমানে জ্ঞান উপাৰ্জ্জন কৰিব লাগিব। যি মানুহ স্ত্ৰী শিক্ষাৰ বিৰোধী সেই মানুহেই অজ্ঞান, নহয় তেওঁ ঘোৰ স্বাৰ্থপৰ মহাপাপী। পৃথিবীত আন আন যত সভ্য জাতি বা দেশে উন্নতি জখলার খোপে খোপে উঠিছে, তাৰ মূল কাৰণ স্ত্ৰী জাতিক সুশিক্ষা দিয়া। যি জাতিৰ মানুহে মাতৃ জাতিক সন্মান কৰিব জানে আৰু শিকে সেই জাতিৰ ভিতৰতহে মানুহ জন্মে আৰু সেই মানুহকে দেৱতা বুলি কয়। হিন্দুৱে প্ৰতিমা পূজা কৰাৰ ভিত- ৰত প্ৰায় সৰহ ভাগ প্ৰতিমায়ে তিৰোতাৰ। যি হিন্দু জাতিৰ প্ৰকৃ- তিক পূজা কৰা চিৰ প্ৰথা আছিল এতিয়া সেই হিন্দু জাতিয়ে সেই প্ৰকৃতিক ব্যৱহাৰ কৰে ঠিক জন্তুৰ নিচিনা। এনে অৱস্থাত আমাৰ নিচিনা মানুহ তল খাপত পৰি নাথাকি আৰু কোনে থাকিব? আসা- মৰ ভিতৰত গুৱাহাটীয়ে এখনি উৎকৃষ্ট চহৰ। অথচ এনে হেন চহৰ এখনিত ছোৱালী শিক্ষাৰ কাৰণে এখনি উচ্চ বিদ্যালয় নাই। হে ৰাইজসকল! আমি বৰঙনি তুলি এই শিক্ষালয় পতাৰ অৰ্থে কিছুমান ধন তোলোঁহঁক আহা! দহে হাত জোকাৰিলেই নদী— দহ জনে ইচ্ছা কৰিলে কি হব নোৱাৰে!” বেৰিষ্টাৰ ডাঙৰীয়াই নাৰী জাতিৰ উন্নতি সম্পৰ্কে এইখিনি কথা কৈ থাকোতেই বি-এ উপাধিধাৰী আহোমৰ বৰ গোহাই ধৰণীচন্দ্ৰ দেৱে মাত লগালে;- “আৰ্য্য ঋষি সকলে তিৰোতাজাতিক শিক্ষা দিছিল আৰু বিশেষকৈ সম্মান কৰি ছিল, আনকি স্বয়ং বৰ সভা পাতিহে ছোৱালীয়ে যাকে ইচ্ছা তাকে বিয়া কৰাৰ প্ৰথা আছিল। ছোৱালী যুৱতী হৈ, লাগিলে ঘৰতে বুঢ়ী হৈ থাকিব তথাপি অজ্ঞান-পাত্ৰক দান নকৰিব। “কন্যা- প্যেবং শিক্ষনীয়া পালনীয়াতিৰত্নতঃ” এই শাস্ত্ৰৰ বচন। তিৰোতা