পৃষ্ঠা:কঃ পন্থাঃ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কঃ পন্থাঃ


পূৰ্ব্বৰবিলাক পশুৰ গুণ আৰু শেষৰবিলাকহে মানুহৰ। এনে মানুহে কেতিয়াও নিজৰ ভিতৰত সৰু বৰ কৰি নিজক নভগায়। ধৰ্ম্মবীৰ আৰু কৰ্ম্মবীৰবিলাকৰ জীৱনত এই ভেদ বিচাৰ দেখা নাযায়। আমাৰ দেশৰ মহাপুৰুষ শঙ্কৰদেৱে ভগবৎ প্ৰেমত বিভোৰ হৈ এই নিয়মতেই বলাই মিকিৰ, ভোট আতৈ গাৰো গোবিন্দ আতৈ চান্দখাঁ মছলমান আৰু ৰাধা কৈবৰ্ত্তনী প্ৰভৃতিক লৈ এটি সঙ্ঘ গঠন কৰিছিল। এইদৰে নানা দেশৰ নানা ঋষি মুনি বা মহাপুৰুষ সকলৰ জীৱন চৰিত্ৰ পঢ়িলে দেখা যায় সকলোৰেই জীৱনৰ ৰাজআলি একেটি মাথোন। এই হেতুকে জ্ঞানৰ ওখ টিঙত থকা ধৰ্ম্মৰাজ্যখনিলৈ যিমান মানুহ আগ বাঢ়িব, তিমানেই তেওঁৰ হৃদয়ৰ পৰা জাতিভেদৰ ভাব আঁতৰি যাব।

 মূলকথা— জ্ঞানী মানুহৰ জাত নাই—আছে অজ্ঞানীৰ। জ্ঞানেই মানুহক বামুণ কৰে আৰু অজ্ঞানেই শূদিৰ কৰে। এই নিমিত্তেই গুৰিতে দেখা যায় “পণ্ডিতাঃ সম দৰ্শিনঃ”– পণ্ডিত হলেই সকলোকে সমান নেদেখাকৈ থাকিব নোৱাৰে। আমাৰ আসাম দেশখন তেনেই অজ্ঞান আন্ধাৰত সোমাই আছে— এই নিমিত্তে ইয়াত জাতিভেদ বান্ধটি বৰ কট্‌কটিয়া। এতেকে হে ৰাইজসকল! আপোনাসকলৰ লৰা ছোৱালীক সকলো কথা কাতি কৈ থৈ জ্ঞান শিক্ষা অৰ্থাৎ ভালদৰে লেখা-পঢ়া শিক্ষা দিবলৈ চেষ্টা কৰক। এই কথা সিদ্ধি হৈ উঠিলে জাতিভেদৰ বান্ধ আপোনা-আপুনি ঢিলা হৈ পৰিব। অকল মতা লৰাক শিক্ষা দিলেই নহয়, মাইকী ছোৱালীকো সমানে শিক্ষা দিব লাগিব। কিয়নো “মুনিহ তিৰি দুয়ো হবা একমতি, তেবেসে সিজিব হৰিত ভকতি।” এই সাৰুৱা কথা আমাৰ মহাপুৰুষসকলৰ বাক্য, ইয়াক অৱহেলা কৰিলে অসমীয়া মানুহে যে কেতিয়াও উদ্ঘতি কৰিব