তেখেতসকলে স্বাধীনতা উপভোগ কৰিব পাৰিছে আৰু বিদেশক
নিজৰ তলতীয়া কৰি গছকা মাৰি ৰাখিব পাৰিছে। বিদেশৰপৰা
ধন শুহি নিজ দেশক ঐশ্বৰ্যশালী কৰিব পাৰিছে। আমাৰ দেশৰ
দৰে সেই দেশত নানা তৰহৰ বেবেৰিবাং মানুহ নাই। সেই দেশৰ
মানুহে মানুহৰ নিমিত্তে জীৱনক বলি দান দিব পাৰে, মনুষ্যত্ব যাক
বোলে সেই দেশৰ মানুহৰ গাতেইহে আছে, এতেকে মানুহৰ ধৰ্ম্ম
আমাৰ নাই সেই দেশতেইহে আছে। ৰাইজসকল! আপোনা
সকলে ভাবি দেখক আমি যে জাত জাত কৰোঁ, আমাৰ কি জাত
আছে। আমাৰ যি জাত আছে তাক পশু জাত মাত্ৰ বুলিব পাৰি।
চকুৰ আগতে যেই কোনো কুলৰ মানুহ এজনে ৰোগ বেমাৰত পৰি
নিৰাশ্ৰয় হৈ থাকিলেও আমি তাক সেৱা-শুশ্ৰুষা নকৰোঁ। আমাৰ
মানুহ এনে নিষ্ঠুৰ যে চকুৰ আগত ঘৰ বান্ধি নথকা এটি
লোক বাটত পিয়াহত ককবকাই বেমাৰ পৰি পানী এটুপি কাতৰ
কৈ খুজিলেও তাৰ মুখত পানী দিলে জাত যায় বুলি আঁতৰ হৈ
গুচি যায়, আন কি নিজ অঙ্গহি বঙ্গহিকো হাইজা, ইনফ্লুয়েঞ্জা এনে
বেমাৰ হলে এৰি থৈ গুছি যায়। এনে বিধৰ নিষ্ঠুৰ প্ৰকৃতিৰ
মানুহ যি দেশত আছে সেই দেশৰ মানুহ কোন ধৰমী! ৰাইজ
সকল, আপোনা সকলে কওকচোন! এনে মানুহক পশুতকৈও
অধম নোবোলেনে? জাত কুলৰ বিচাৰ কৰা মানুহ কেতিয়াবা ঈশ্ব-
ৰৰ অনুগ্ৰহৰ পাত্ৰ হব পাৰেনে? যি দেশৰ মানুহৰ মৰা কুকুৰ,
বিড়ালী, গৰু, মহ আৰু আন জন্তু কাণেৰে ভাৰ কৰি নি দূৰত
শগুণে খাবলৈ পেলাই দিলে বা ছুলে জাত নাযায় কেৱল নানা
জাতৰ ব্ৰহ্ম আত্মা থকা মৰা মানুহৰ দেহ স্পৰ্শ কৰি পুতিলে বা
খৰি দিলে জাত যায়, এনে কাঠচিতীয়া অধৰমী মানুহ ভাৰতবৰ্ষৰ
পৃষ্ঠা:কঃ পন্থাঃ.djvu/১৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কঃ পন্থাঃ