পৃষ্ঠা:কঃ পন্থাঃ.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কঃ পন্থাঃ


মাথোন। ৰাইজসকল শপত খাওঁহক, আহা, আজিৰপৰা তেখেতসকলৰ কথাতে আমি লগ নালাগোঁহঁক আৰু গোসাঁই বামুণ কোনো বিলাকক একেবাৰে এৰি পেলাই আমিও লগুণ লৈ বামুণ ক্ষত্ৰিয় হওঁহক। নটি গুণৰ এটি গুণ নেথাকিলেও যদি বামুণ হয় বজাৰত তাছ সূতা ভৰি আছে সকলোৱে পিন্ধি বামুণ হওঁ। আমাৰ কাম সকাম যি হয় ছাপা হোৱা বেদ শাস্ত্ৰ পঢ়ি আমাৰ জাতকুলৰ মানুহেই বামুণৰ কাম চলাব পাৰিব।” বৃত্তিয়ালৰ এম-এ উপাধিধাৰী শিক্ষিত ডেকাজনে সদায় তলত পৰি থকা ৰাইজসকলক যেতিয়াই এনেবিলাক কথা বুজাই কলে, তেতিয়া এক মুখে সকলোৱে “হয়” “হয়” কৈ উঠিল। এই সময় কচাৰী আৰু সোণোৱালৰ ৰাইজসকলে গৰগৰাই উঠি একমুখে কবলৈ ধৰিলে যে “অসমীয়া ৰাইজক একমুঠিয়া কৰি, বামুণ, কায়স্থ আৰু কলিতা মখাৰ বৰুৱা কুলক, আদি পূৰ্ব্বৰে পৰা ডাঙৰ বংশত জন্ম বুলি এতিয়াও অসংখ্যাত ডাঙৰীয়া হৈ থকাসকলে ডাঙৰ বোলাবলৈ এই বাৰ চহৰৰ সবাহ ভাওনা পতাৰ উচিলা হৈছে, এতেকে ৰাইজ সকল! আমাক যিস্থলত বামুণ গোসাঁই প্ৰভৃতিয়ে বহুদিনৰে পৰা মেলেছ ভাবি ঘিণ কৰি আহিছে তেনেহলে হয় গোসাঁই বামুণ আদিয়ে আমালোকক (সদায় তলত পৰি থকা সকলক); কায়স্থ কলিতাৰ শাৰীলৈ নি আমালোকেৰে সৈতে চলা খোৱা কৰক, নহয় বা চহৰৰ ভাওনা ভাঙ্গি আমি সকলোৱে ঘৰে ঘৰে গুচি যাওঁহঁক বলা।” এই কথাতে আহোম আৰু চুটীয়া ৰাইজসকলে মাত লগালে “ঠিক কথা, এতেকে হে ৰাইজসকল! বাৰ বছৰৰ ভাওনা পতাৰ সকাম নাই।”

 আগৰে পৰা গুৰিলৈকে ধৰ্ম্মানন্দ বৰাই এই গোলমালখনৰ কথা শুনি আছিল, তেওঁ বামুণ, ভালদৰে লেখা-পঢ়া শিকি পৈণত হোৱা লোক, তেওঁ বিলাতত বহুবছৰ থাকি পঢ়ি শুনি বোৰিষ্টাৰ