সেই গোসাঁই বামুণ সকলৰ লগত আছে আৰু একেলগে খোৱা- লোৱা কৰিছে, তেনেহলে গোসাঁই বামুণ আদিৰ জাতেই নাই, তেখেতে সকলৰ জাত আমাতকৈও নাই, এতেকে গোসাঁই বামুণৰ সৈতে খালে সকলো মানুহৰ জাত যায়।” এই কথা কওঁতে সমূহ ৰাইজৰ সকলো কুলৰ সকলো খেলৰ মানুহে ‘হয়’ ‘হয়’ কব ধৰিলে আৰু কোনো কোনোৱে কব ধৰিলে যে বামুণেই সকলোৰে জাত মাৰিলে অথচ বামুণেই নদীয়াল, বৃত্তিয়াল, যুগী, সুতকুলীয়া, লালুং কছাৰী আহোম আৰু ছুটিয়াক ঘিণ কৰে, এই সকল মানুহৰ কোনো মানুহৰ হাতে বামুণে জল ব্যৱহাৰ কৰিলে তেখেত সকলৰ জাত যায়, আন কি কোনো কোনো, কুলৰ মানুহক এনে নীহকুলীয়া বুলি তেখেতসকলে ভাবে যে তেওঁবিলাক ঘৰ সোমালেও পানী চুৱা যায়। হোকাৰ পানী পেলাই দিয়ে, আনপিনে বিলাতী পানী (soda water) বটলত তিনি চাৰি পইছা দি কিনি আনি সকলোৱে খায়, তা হলে জাত নাযায়। ইয়াৰ বাহিৰেও জিলাত ঘৰে ঘৰে ব্ৰহ্মপুত্ৰৰ পৰা কলেৰে পানী তুলি যোগাইছে, সেই পানী গুৰিত মছলমান আৰু চাহাব সকলে ছোৱা নহয়নে? এই কথাৰ বাহিৰেও ভাবি চালে আজি কালি জাতনো কাৰ আছে! জাহাজ হোটেলত আৰু ৰেইলৰ ষ্টেশ্যনৰ হোটেলত মছলমান খানচামাৰ হাতে লুকাই ভাত খোৱা অনেক শিক্ষিত মানুহ, গোসাঁই-বামুণ-কায়স্থ কলিতাৰ ভিতৰৰে। এনেস্থলত অইনক দেখুৱাবলৈ জাতৰ বান্ধ দিনে দিনে টানহে হৈ আহিছে। নদীয়াল, বৃত্তিয়াল, নমোশূদ্ৰ, যুগী, সুতকুলীয়া, কছাৰী, সোণোৱাল আৰু বৰাহী ছুটীয়া আদি মানুহক গোসাঁই, বামুণসকলে যেতিয়ালৈকে উদ্ধৰ কৰি কলিতা কেওটৰ শাৰীলৈ নিনিব তেতিয়ালৈকে ঘিণ কৰি তলত পেলাই থোৱা জাতকুলৰপৰা সহানুভূতিৰ আশা নিস্ফল
পৃষ্ঠা:কঃ পন্থাঃ.djvu/১৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯
কঃ পন্থাঃ