মানুহে এটি ৰাজহুৱা ধনভড়াঁল পাতি তাত বৰঙনি তুলি বহুত টকা
জমা ৰাখিব লগাত পৰিছে! দেশৰ এনে সুকাৰ্য্য সাধনৰ অৰ্থে
অসমৰ জনদিয়েক উদাৰচেতা লোকে চেষ্টা কৰি এই বাৰ চহৰৰ ভাওনা
পাতিছে। এতিয়া কথা হৈছে বৰ্ত্তমান যুগধৰ্ম্ম মতে সকলো মানুহক
ইটিয়ে সিটিক সমান নেদেখিলে আৰু আগৰ দিনৰ পুৰণি কথাকে সাৱট
মাৰি ধৰি ঘৃণা, বিদ্বেষ পুহি ৰাখিলে আমাৰ নদীয়াল (কৈৱৰ্ত্ত) সকলে
আগৰ দিনৰ চৈধ্য পুৰুষীয়া উপাধীধাৰী ফুকন, বৰুৱা ডাঙৰীয়া সকলৰ
আৰু গোসাঁই মহন্ত বামুণ আদিৰ কথামতে চলি আমি তেখেত সকলক
ডাঙৰ কৰিব নোৱাৰোঁ। আমাৰ জাতৰ মানুহৰ ভিতৰতো আমাক
বেলেগ প্ৰতিনিধি লাগে।” বি-এ, উপাধিধাৰী শিক্ষিত পানী কেও-
টৰ যুবকজনে এইখিনি কথা কৈ সামৰণি মাৰোতেই এজন জ্ঞানী
বুঢ়া নদীয়ালে (কৈবৰ্ত্ত) কব ধৰিলে;—
“ৰাইজ সকল! প্ৰায় দুহাজাৰ টকা মানৰ যুগুত কৰা বস্তু চুৱা হৈছে বুলি আমাক দাম দি গোসাঁই, মহন্ত, বামুণ আদিৰ ৰভাৰ মানুহে সেই- খিনি আনি আমাৰ কামত খটাবলৈ বুলি যে কৈছে তাক আমি কেনেকৈ কৰোঁ। তেওঁবিলাকৰ ভিতৰত ধনীৰাম শৰ্ম্মা নামেৰে যিটি বামুণ আছে তেওঁ ধনীৰাম যে ধনীৰামেই, তেওঁ বহুত টকাৰ গৰাকী, তেওঁৰ বাপেকে আহোম কছাৰীৰ পুৰোহিত কাম কৰি বহুত টকা জমা কৰি থৈ গৈছে, ধনীৰাম শৰ্ম্মাই ডেকা বয়সত তলে তলে যুগীয়নী ছোৱালী এজনী ৰাখিছিল, তেওৰ ফালৰ পৰা তাইৰ গৰ্ভত জন্ম হোৱা যিকেইটি লৰা ছোৱালী এতিয়াও দশ ডাঙৰ হৈছে, এই ধনীৰাম শৰ্ম্মাই গোসাঁই, বামুণ, মহন্তসকলক দহ হাজাৰমান টকা দি উদ্ধাৰ হৈ জাত পাই পিছে বামুণী ছোৱালী বিয়া কৰিলে, সেই ৰভাখনৰ কোমল চাউল তেওঁ তিয়াইছে, পানী তেওঁ ছুইছে, আমি কেনেকৈ যুগীয়নীত খোৱা