পৃষ্ঠা:কঃ পন্থাঃ.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কঃ পন্থাঃ


জাত নাপাওঁ, কেৱল কৰ-কাটলখিনি বছৰি বছৰি আমাৰ পৰা তুলি নিয়াৰ কাৰণেহে গুৰুশিষ্যৰ সম্বন্ধ, তেনেহলে তেখেতসকলক আমি কিয় গুৰু মানো আৰু কিয়বা তেখেতসকলৰ বিধান মতে চলোঁ। এইবিলাক কথা গমি আজিৰ পৰা আমালোকে ঠিক কৰোঁ যে আমি গোসাই, মহন্ত, বামুণ কায়স্থ, কলিতা আদি মানুহ সকলৰ কোনো কথাত লগ নালাগোঁ। আমাৰ জাতৰ দোষ কি? আমি মাছ মাৰোঁ আৰু তাক বেচোঁ। বামুণ, কায়স্থ, কলিতা ইত্যাদিয়েও মাছ নিজে মাৰি খায় কিন্তু প্ৰকাশ্যে নেবেচে। তেখেতসকলৰ কোনো কোনোৱে যে মাছৰ বিল ডাকি লয় তাৰ বাবে জালোৱাসকলৰ পৰা লাভকৰা কাম প্ৰকাৰান্তৰে মাছ বেচাৰ তুল্য নহয়নে? এই বাৰ চহৰৰ ভাওনা পাতি অসমীয়া ৰাইজক একে লগ কৰি গোটোৱাৰ মূলত কি উদ্দেশ্য ৰাইজ সকল! আপোনাসকলে তাক জানেনে? আজিকালি স্বায়ত্ত্ব শাসন বা “হোমৰুলৰ” কথা উঠিছে, পৃথিবীৰ মানৱ জাতিৰ এতিয়া চকু ফুটি উঠিছে যে মানুহ মাত্ৰেই সমান—কোনো কাতোকৈ হীন আৰু কোনো কাৰো তলতীয়া নহয়— সকলোৱে একে আৰু সমান। বিলাতবাসী সকলেও আমাৰ অসমীয়াক “হোমৰুল” বা স্বায়ত্ত্ব শাসন দিব খুজিছে, এতিয়া আমাৰ নিজ দেশৰ প্ৰধান ৰাজঘৰখনিত অৰ্থাৎ প্ৰধান শাসনকৰ্ত্তাৰ দৰবাৰত অসমীয়া ৰায়তসকলে প্ৰতিনিধি পঠাব লাগে। প্ৰতি জিলাৰ পৰা কাক কাক প্ৰতিনিধি পঠাব লাগে তাক মনোনীত কৰি ৰায়তৰ মত লোৱাৰ অৰ্থে আৰু বিলাতলৈ আমাৰ দুজনমান উপযুক্ত মানুহ বছৰি বছৰি পঠাই তাৰ ৰাইজক আমাৰ দুখৰ কথা ভালদৰে বুজাই থাকিবলৈ বৰ লাগতিয়াল হৈ উঠিছে, এই কাম যদি অসম দেশে নকৰে তেনেহলে অসমীয়া মানুহ আন আন সভ্য জাতিৰ লগত উজাব নোৱাৰে, এই কাৰণে অসমীয়া