পৃষ্ঠা:কঃ পন্থাঃ.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কঃ পন্থাঃ


গোটেইখিনি প্ৰায় ২০০০ টকা মানৰ দ্ৰব্য পেলনি গল। এই কথাকে ধৰি নদীয়ালৰ (কৈবৰ্ত্ত) খেলৰ মানুহবিলাকৰ পৰা সিসকলে সেই খিনি টকা দি বস্তুখিনি লৈ যাবলৈ কয়। নদীয়াল (কৈবৰ্ত্ত) সকলৰ ৰভা ঘৰলৈ মানুহ পঠাই দি সিসকলে আজ্ঞা শুনাই দিয়ালে যে তেওঁ- বিলাকে দ্ৰব্য বস্তুৰ লোকচানিখিনি দি বস্তুখিনি লৈ যাওক, নহয় পেলাই দিওক। এই কথা নদীয়াল (কৈবৰ্ত্ত) সকলে শুনি মৰ্মান্তিক বেজাৰ পাই খঙতে জ্বলি উঠি হাই কৰিব ধৰিলে। তেখেত সকলৰ ভিতৰৰ এজন লেখা-পঢ়া জনা বি, এ শিক্ষিত ডেকা উঠি কবলৈ ধৰিলে;—

 “ৰাইজসকল আমাৰ কুলৰ অপমানৰ সীমা নাই, আমিও মানুহ, মানুহ হৈ ইমান ঘিণ, ইমান অপমানৰ ভাৰখনি কান্ধত লৈ থকাতকৈ মৰাই ভাল!! এই দোষ আমাৰ, আমি নিজকে নিজে সৰু আৰু হীন বুলি ভাবোঁ, অথচ মানুহ বুলিলে আমিও মানুহ, গোসাঁই, বামুণ, কায়স্থ আৰু কলিতা এইবিলাকো মানুহ, এনে স্থলত যেতিয়া আমাৰ মানুহ এটি তেখেতসকলৰ সবাহৰ দ্ৰব্য-বস্তু যুগুত কৰি থোৱা চালিখনিৰ মুখলৈ সোমাওতেই তেখেতসকলৰ বস্তু বিলাক পেলনি যোৱা হল আৰু আমি তাৰ বাবে বৰ দাম দিব লগাত পৰিলোঁ, তেনে স্থলত এই বাৰ চহৰৰ সবাহত আমাৰখিনি ৰাইজে লগ লগাৰ সকাম কি? আমি কুকুৰতকৈও অধম হলোঁ, মেকুৰীতকৈও হীন হলোঁ বিশেষকৈ এই এটা কথা আপোনাসকলে দকৈ গমি চাব লাগে যে যি স্থলত গোঁসাই মহন্ত আমাৰ নিজ গুৰু সকলেও আমাক ঘিণ কৰে, তেনেস্থলত তেখেতসকলৰ শিষ্য হৈ থকাতকৈ খ্ৰীষ্টিয়ান হলে সম্মান পামহক। গোসাই, মহন্ত গুৰুৱে যেতিয়া আমাক শিষ-শৰণীয়া কৰে তেতিয়া এই মানে হয় যে, তেখেত সকলে আমাক নিজ জাতলৈ তুলিলে, এনে স্থলত যেতিয়া আমি