পৃষ্ঠা:কংস বধ.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আনন্দে বেঢ়ি যায় গোপগণে।
হৰি হৰি বোলা সমস্ত জনে॥


ঘোষা॥ সেৱক বুলিয়া পালিয়ো ৰাম, চৰণে শৰণ লৈলোঁ।
তোমাত ভকতি নকৰি কৃপাল জনম বিফল কৈলোঁ॥
সুদামক বৰ,  দিয়া দামোদৰ,
  ৰাজপথে চলি যান্ত।
চন্দনৰ পাত্ৰ,  সহিতে যুবতী,
  কুবুজাক দেখিলন্ত॥
ওচৰ চাপিয়া,  পুছন্ত হাসিয়া,
  সৰ্ব্বসুখ দাতা হৰি।
কোন তুমি কাৰ,  চন্দন লৈ যাহা,
  কৈয়ো কথা শীঘ্ৰ কৰি॥
দুভাইক চন্দন,  দিয়ো আজি তোৰ
  হৈবেক কল্যাণ আসি।
সৈৰিন্ধ্ৰী বোলয়,  শুনিয়ো সুন্দৰ,
  মই কংস ৰায়ৰ দাসী॥