পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চোৱা, চোৱা হে পৌৰাণিক নাৰী
এবাৰ চোৱা সেই কবৰৰ দুৱাৰ খুলি
তোমাৰ সন্মুখত মই
তুমি কিয় নাবান্ধা চুলি?
কিমান শুকান হৈ পৰিছে।
যেন শীতৰ লঠঙা অৰণ্যখনি
বতাহত ফাটি গৈছে তোমাৰ ওঁঠ
যেন চ’তত ছিৰালফটা পথৰুৱা মাটি

চোৱা তোমাৰ সন্মুখতে খহিব লাগিছে।
এলকহ’লিক ঈশ্বৰৰ সমাধি

॥ এলকহ’লিক ঈশ্বৰ ॥ ৬৩