পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু মোৰ আই যেতিয়া ৰৈ যায়
নিচুকণি গীত এটাৰ শেষৰ শাৰীটোত
মই হাহাকাৰ কৰি উঠো
একোটি শব্দৰ বাবে

তুমি বিয়পি পৰা
তুমি বিয়পি ক'লৈ যোৱা
মই খেপিয়াই ফুৰো
অনুবাদকৰ পাদটীকা

মই তোমাক কাহানিও নুবুজিলো
যিদৰে নুবুজিলো কিয় শেষ হৈ যায়
মোৰ আইৰ ওঁঠত নিচুকণি গীত এটা

॥ এলকহ'লিক ঈশ্বৰ॥ ৫৩