পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই ভবা নাছিলোঁ কোনোবাদিনা যে মই সাৰ পাম
তিনি বাজিবলৈ আৰু ঠিক দহ মিনিট থাকোঁতে
‘দুই’ৰ চকুপানীৰ ধাৰাসাৰ বৃষ্টিত তিতি তিতি
মৰি থাকিল মোৰ ঘড়ীটো আৰু ঘোঁৰাটো
মৰা ঘড়ীটোৰ কাষত পৰি থকা এটা
প্ৰাচীন ঘোঁৰাৰ পিঠিত উঠি
ক'ৰবালৈ গুচি গ'ল মোৰ সোণালী ঘড়ীৰ
এক, দুই, তিনি
জলফাইৰঙী গছজোপাৰ তলত
মই থৰ্ থৰকৈ কঁপিছিলোঁ

আবতৰীয়া বৰষুণ এজাকত তিতি তিতি
এতিয়া মোৰ বাবে এটা কবৰ খান্দি আছোঁ মই
আৰুতো উভতি নাহে মোৰ সোণালী ঘড়ীৰ সময়।

॥এলকহ'লিক ঈশ্বৰ ॥ ৪১