পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুনশ্চঃ
মই এটা সপোেন দেখিছিলোঁ
অঘৰী ঘড়ীটো এদিন এজনী পৰীৰ বেশত
উলাহত ডেউকা কোবাই আছিল
আৰু টিক্ টিককৈ বাজি বাজি ক'ৰবালৈ উৰি গৈ আছিল
হঠাতে মই সাৰ পালোঁ
ঘৰচিৰিকাৰ দৰে সৰু চৰাই এটাই
মোৰ হাতৰ আঙুলিবোৰ খুঁটিয়াই আছিল
মই বাৰে বাৰে বেঁকা হ’ব খুজিছিলোঁ
আৰু টিক্ টিক্‌কৈ বাজি বাজি ৰাতিটো পুৱাই দিছিলোঁ

২৬ ॥এলকহ'লিক ঈশ্বৰ॥