পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অঘৰী ঘড়ী এটাৰ কাহিনী

অঘৰী ঘড়ী এটা এদিন বেদুইনৰ বেশত
ফুটপাথত পৰি আছিল
তাৰ জলফাইৰঙী হাত-ভৰিত কোনোবাই
শিকলি লগাই দিছিল
তিনিটা অন্ধকাৰ কোঠাত বন্দী হৈ আছিল
ঘড়ীটোৰ হেৰোৱা কাঁটা তিনিডাল
অঘৰী ঘড়ীটো ফুটপাথত পৰি মৰি আছিল
তাৰ টিক্ টিক্‌কৈ বাজিবলৈ বৰ হেঁপাহ হৈছিল
কিন্তু কোনোবাই তাক পিন্ধাই থৈ গৈছিল
বগা সাজ এযোৰ

২৪ ॥এলকহ'লিক ঈশ্বৰ॥