পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফুৰা প্ৰাণৰ প্ৰাণত বাজে ঘনাই ভক্তিভৰে নয়ন-জলে’ মােহন বাজনা ; | পূজো দেৱৰ চৰণ-তলে- হৃদয়ত উজলিছে মিলনবাসনা। ধন্য কৰাঁ বাঞ্ছা আমাৰ ই শুভ লগনে। এঘাৰ কোনে আকাশ-ছবি বােলায় এনে তুলি-লেখনীৰে ? ডাৱৰ-মালা গাঁথে কোনে সােণৰ শিকলিৰে? আজি সন্ধ্যা অৰুণ শীতল ছাঁৰে কোনে বাৰু বৰণ কৰে- কোনে সান্ধ্য ৰবিৰ আঁকে ছবি ৰক্তিম কল্পনাৰে? আজি অগ্নি-ৰেখা জ্বলে চোৱা তাৰে নয়ন-কোণে ; বাৰু কোন কবিয়ে তাৰ ওপৰে প্রেম-ৰহন সানে? সউ সন্ধ্যাচলব আৰে আৰে কোনে আনে থ বাৰে বাৰে, এই লােহিত ৰবি মােহিত কৰি নিয়ে আন্ধাৰ দ্বাৰে? ১৯১৯ আজি ফুল্ল তাৰকা কুঞ্জ, আজি স্রোত জ্যোৎস্না ধাৰা ; পূত শাৰদ পূর্ণিমা নিশি এই বিশ্ব পুলক-ভৰা। মেহকুম্বন মগ্না, মুগ্ধা মেদিনী আজি, উঠে স্বর্গ-দুন্দুভি বাজি ; উঠে গছ-লতিকায় পুষ্প-ৰেণুকায় অনন্ত ছবি ৰাজি। সৌ পৰ্বত-প্রান্তে হাঁহি-ৰেখা পৰি উজলি উঠিছে ধৰা৷৷ সুকোমল বাঁহী-ধ্বনি মহান বার্তা দিলে। বান্ধি কোনে ? কাৰ মহা আগমনী? মােহ-টোপনিতে শুনাে দিঠকতে তাকেহে ৰিণিকি ৰিণি। মগ্ন জীৱন, নিদ্রা ভঙ্গ কৰিলে বা কোনে আহি? কাৰ ই পূর্ণিমা-হাঁহি? উতলা কিৰণে কিয় হঁহুৱালে। প্রাণ-উৎপল পাহি? ৭.