পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “অসম বাণীক যিসকলে কবিতাৰ ভিতৰেদি সাৰ্থকৰূপে ব্যক্ত কৰিছে “ইন্দ্ৰধনু”ৰ গ্ৰন্থকাৰ শ্ৰীযুত ডিম্বেশ্বৰ নেওগ সেইসকলৰ অন্যতম। ... এই উপাদেয় গ্ৰন্থখনিয়ে লেখকৰ দীঘল কবিতা লিখাৰ ক্ষমতাৰ শ্ৰেষ্ঠ প্ৰতিপাদন কৰিছে। ক্ষণিক কালৰ ফুলৰ দৰে এই কবিতাবোৰ খন্তেকতে মৰহি নাযায়; সিবোৰত দীৰ্ঘ জীৱনৰ চিৰকলীয়া সৌন্দৰ্য্য-সৃষ্টিৰ বৃহত্ত্ব আছে। ... কিছুমান কবিতাৰ তৰাৰ দৰে উজ্জ্বলতা আছে আৰু কিছুমানৰ মৌ-ৰসৰ দৰে সোৱাদ গুণ আছে। … “Awoke one morning to find himself famous”- এসময়ত এওঁতে সম্ভৱ হ'ব। ... “ইন্দ্ৰধনু” আধুনিক আন অসমীয়া খণ্ড-কাব্যতকৈ যি বিষয়ত ওখ বুলি ক'ব পাৰি সি স্বাভাৱিকতা। মানুহৰ স্বভাৱে স্বভাৱতে যি ডাঙৰ আকাঙ্খা কৰে “ইন্দ্ৰধনু”ত তাৰ পৰিচয় আছে। ... মুঠৰ ওপৰত “ইন্দ্ৰধনু” যি উদ্দেশ্যত ৰচিত সি সাৰ্থক। ... তপতে তপতে কব’লগীয়া আৰু বেছি কথা “ইন্দ্ৰধনু”ত নাই। “ইন্দ্ৰধনু”ৱে অসমীয়া সাহিত্যত নিজা বিচিত্ৰ বৰণ দেখুৱাইছে, যি যি বৰণ ভাল পায় তেওঁ সেই বৰণ সমাদৰ কৰিব। ... সাহিত্যৰ পূৰ্ণ উৎসৱৰ কাৰণ যিসকলে চিৰস্থায়ী বন্দবস্ত কৰি থৈ গৈছে, “ইন্দ্ৰধনু”ৰ লেখক সেইসকলৰ এজন এওঁৰ শক্তিয়ে বস্তুক অকল সুন্দৰ কৰিয়েই নেৰে, তাক বিপুলতাও দিয়ে। “ইন্দ্ৰধনু”ৱে বজ্ৰাগ্নি বৰষক- নবৰষক, মন্মথৰ ফুল-বাণ যে বৰষিব তাক এই নগণ্য লেখকেও স্বীকাৰ নকৰি নোৱাৰে।” কঃ, “বাহী”, ১৯শ বছৰ, ১ম সংখ্যা।

 “শ্বহিদে কাৰবালা। ... দূৰ অতীতৰ হাছান-হোছেনৰ কাহিনীয়ে গোটেই বিশ্ববাসীৰ চকুপানী উলিয়াইছে। সেই কাহিনীৰ নানান সৰু সৰু হৃদয়বিদাৰক ঘটনা অৱলম্বন কৰি নেওগদেৱে এই অখ্যায়িকা ৰচনা কৰিছে। এই কাব্যৰ ভাষা বৰ্তমান যুগৰ অসমীয়া; কিন্তু কবিয়ে মুছলিম সমাজৰ হাড়ে-হিমজুৱে গঁথা সুপ্ৰসিদ্ধ নায়ক - নায়িকাৰ নাম আৰু সেই সমাজত প্ৰচলিত সাধাৰণ সব্দাৱলী সমাবেশ কৰাৰ কাৰণে ঘটনাৱলীৰ বৰ্ণনা মৰ্মস্পশী হৈ পৰিছে। মূল ঘটনাৰ কৰুণ ৰস অসমীয়া কবিয়ে মাতৃভাষাৰ মাজেদি বোৱাব পাৰিছে। সেই কাৰণে নেওগদেৱ গোটেই অসমীয়া কাব্যপ্ৰিয় মাজৰ প্ৰশংসাৰ পাত্ৰ।” – খান বাহাদুৰ ছয়িদুৰ ৰহমান, ৰাজস্ব মন্ত্ৰী, শিলং ৯/১২/৪০।

 “মৰমৰ ডিম্বেশ্বৰ, আজি “বাহী”ত তোমাৰ কবিতা এটা দেখিলোঁ। তাৰ পাছত অৱশ্যে পঢ়িছোঁ আৰু পঢ়ি পঢ়ি সোৱাদো লৈছোঁ। তোমাৰ এই প্ৰথম প্ৰকাশ উপলক্ষে সৰল অভিবাদন জনালোঁ। তোমাৰ কবিতাৰ মৌ-কোঁহত সোমাবলৈ। মোৰ এটা সুবিধা আছে ...।” তোমাৰ শ্ৰীভগৱতীপ্ৰসাদ বৰুৱা, সোণাৰি ফাগুন, ১৮৪২।”

৫৮