পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় আবেগ মৰমৰ কাৰণেই নিখিল জগত, নীলাকাশ মৰমেৰে ঢকা ; জোন-বেলি অগণন তৰাৰ ৰূপেৰে মৰমৰ ছবি আছে আঁকা। | মইনা চৰাইটিয়ে মইনা মাতেৰে কাঢ়ি নিয়ে আবেগ হিয়াৰ। মৰমৰ-মন্ত্ৰত ভােল বনৰ বিহগ, সৱে বুজে মৰমৰ ধাৰ ; কঠুৱা শিলও পমে মৰম-মুখত, মৰমৰ বনচৰাে ভােল ; মানুহে কিয়নাে তেনে নুবুজে এফেৰি’ মানুহৰ মৰমৰ মােল? বিচ্ছেদ লাৱণী ছবিটি নিতে চকুৰ আগতে | বিৰহ-বিচ্ছেদ তেন্তে নাই প্রণয়ত অপূর্ব সাজেৰে তুমি দেখিয়ে থাকিবাঁ; প্রাণে প্রাণে থাকে যদি প্রণয় বান্ধোন ; হিয়া যদি পমি যায় সেই ৰাগিণীতে | অটুট চেনেহ যদি থাকে হৃদয়ত স্বপ্নৰ ৰাজ্যতাে তাক অৱশ্যে শুনিবাঁ। শূন্যতাে দেখিবাঁ তুমি মিলন মাথােন। কেতিয়াবা অনন্তৰ কোমল শয্যাত। মিছাতে কিয়নাে টোকাঁ চকুলাে দুধাৰি যায় যদি নিদ্রা কোনাে প্রেমিক এজন; কন্দুৱাই কিয় তুমি কান্দা আবেগত? প্রেমিকাকো আনি পুনু ঘূৰি ইদিনাত | য’তে চোৱাঁ ত’তে আছে মিলন-মাধুৰী, মধুৰ মিলন দিয়ে ঈশ্বৰ সুজন। | বিৰহ-বিচ্ছেদ কিয় বােলা প্রণয়ত? মইনা হৃদয়ৰ পিঞ্জৰাত বনৰ মইনা | এফেৰি আহৰি পালে কর্তব্যৰ পৰা ধৰি আনি সুমালোঁ এদিন ; চাওঁ মই মূৰ মােৰ দাঙি ; আপােন হাতেৰে দিলোঁ গাখীৰ বাটিত, খন্তেক পাহৰি বান্ধ বিহগ-প্ৰেমৰ আৰু কত মৰমৰ চিন সিও মােকে চায় চকু ভাঙি। ২৯