পৃষ্ঠা:এজন সঁচা মানুহ.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
এজন সঁচা মানুহ

সকলো মানুহ হিলদল ভাঙি জ্যোতি প্ৰসাদৰ ওচৰলৈ লৰি আহিল। জ্যোতি প্ৰসাদৰ অৱস্থা দেখি ৰাইজ দুখত ম্ৰিয়মান হৈ পৰিল৷ তেওঁ যে দুখীয়া জনতাৰ বিপদৰ বন্ধু আছিল।

 মৃত্যুৰ উমান পাই জ্যোতি প্ৰসাদৰ অন্তৰো কঁপি উঠিল। তেওঁৰ বাবে স্বৰ্গতকৈও পৃথিৱী সুন্দৰ৷ এই সুন্দৰ ধৰা খনি তেওঁৰ বৰ আপোন। মানুহক তেওঁ ভাল পায়, মানুহ এৰি তেওঁ যাব নোখোজে।

 ১৯৫১ চন। ১৭ জানুৱাৰী। নিচেই পুৱা। জ্যোতি প্ৰসাদে ভায়েক কমলা প্ৰসাদক কলে “মোক অলপ পোহৰ দেছোন।” কমলা প্ৰসাদে খিড়িকীখন খুলি দিলে। একেথৰে তেওঁ বাহিৰৰ উজ্বল পৃথিৱীখনলৈ চাই ৰ'ল।

 গোটেই দিনটোৱে হৰিনাম কীৰ্ত্তনেৰে বাসভৱন ‘পকী’ মুখৰিত হৈ থাকিল। বিয়লি ৩ বাজি ১৫ মিনিটত কেৱল মাথো ৪৭ বছৰ ৭ মাহ পূৰ কৰি মানুহক ভালপোৱা জ্যোতি প্ৰসাদে সকলো মানুহকে কন্দুৱাই পৃথিৱীৰ পৰা চিৰ বিদায় ল’লে।

 জ্যোতি প্ৰসাদ আজি নাই। কিন্তু তেওঁৰ গুণেৰে বিভূষিত হৈ এজন সঁচা মানুহ ৰূপে আমাৰ মাজত আজিও অমৰ হৈ আছে।

 

⸻⸻০⸻⸻