এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নৱকলেবৰ
কিমান উৰিম আৰু ভাগৰুৱা ডেউকাৰে
মেঘাচ্ছন্ন পাহাৰতে
অন্ত হ’ব যেন মোৰ,
আঁকি দিম দিগন্ত নৱ দিগ্বলয়েৰে।
উৰিলোযে বহুদূৰ শৈশৱৰ, কৈশোৰৰ
বহুৰঙী আকাশত
নেওচি শতেক বাধা,
বুটলিলো খেৰকুটা নিতে পাৰ্থিৱ মোহৰ।
বহিছো ক্ষন্তেক এটি ক্ষীণ ঠুনুকা ডালত
দেখো নেকি ক’ৰবাত
পুৰণি চিনাকি ছবি,
উজ্জীৱিত হয় নেকি মন বিষন্ন কালত।
উচ্চগতি ছবিবোৰ দেখো মন দাপোণত
যেন খেলে লুকা-ভাকু
শুনো হাঁহিৰ খলক,
অনুভৱ কৰো এক নৱ উদ্যম প্ৰাণত।
ডেউকা জোকাৰি দিলো পানীবোৰ উৰুৱালো
চকু বহলাই মেলি
এবাৰ আগলৈ চালো
দিগন্ত আঁতৰি গ'ল সৰগ হাততে পালো॥
৬০ • এজন ডাক্তৰৰ কবিতা