পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোলৈ চাই থোৱা কইজনীক লৈ।
মোৰ ভাইটিহে বহিল বিবাহ বন্ধনত।
এয়াই থোৰতে মোৰ আচৰিত জীৱন গাথা
অতিকে আচৰিত শেষৰটো খবৰ
শুনি আহিল ৰাইজ মোৰ মৃত্যুৰ বাতৰি
আৰু ভুলতে ভাইটিকে দিলেগৈ কবৰ! ❖

(Henry Sambrooke Leighৰ মূল ইংৰাজী ‘The Twins’ নামৰ অসমীয়া অনুবাদ।)

এজন ডাক্তৰৰ কবিতা • ১৫১