পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটি হুমুনিয়াহ এৰি ৰজাই ক'লে
 “বন্ধুবৰ, বিদায় আৰু সদা সুখী হোৱা
কিন্তু অনুৰোধ মোৰ, নক’বা কেতিয়াও আৰু
 নাই কোনো পৃথিৱীত তোমালৈ ঈৰ্ষা নোহোৱা,
তোমাৰ মাটি লগা পাগটো মোৰ মুকুটৰ দৰে
 তোমাৰ পথাৰে মোৰ সিংহাসনো তুচ্ছ কৰে
তুমি হ’লা মৰতৰ গৌৰৱৰ খোৰাক
 হে বন্ধু, প্ৰণামো তোমাক”॥

(Charles Mackৰ মূল ইংৰাজী 'The Miller of Dee' নামৰ কবিতাৰ অসমীয়া অনুবাদ৷)

এজন ডাক্তৰৰ কবিতা • ১৪৯