পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৰুতৃষ্ণা

এক বিশাল মৰুৰ মাজ মজিয়াত
নিজকে বিচাৰি পালো দুপৰ বেলাত।
ভোকাতুৰ, তৃষ্ণাতুৰ, লেহেমীয়া গতি
ধূলিকণাৰ বতাহে মোৰ ৰোধে প্ৰগতি।

কেউফালে দেখো বালিৰ সুউচ্চ দম
মাতি আছে যেন মোক হাত বাউল দি
আকাঙ্খাৰ ভোক প্ৰশমিত কৰি
কওঁ, অস্থিৰ স্থিতিৰ মই নলও গম।

দিক্ বিদিক্ জ্ঞান শূন্য মই
দুখোজ আগলৈ দিবলৈকো ভয়
দিশহাৰা পথিকক বাট দেখুৱাব
ভোটা তৰাটোও মাথো ৰাতিহে ওলাব।

মাজে মাজে দেখো মৰিচিকাবোৰ
নেদেখো ক’তো সেই সেউজী উদ্যান
নেজানো আগুৱাম আৰু কত দূৰ
গুজি দিম সগৌৰৱে জয়ৰ নিচান। ❖

এজন ডাক্তৰৰ কবিতা • ১৩১