পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতীক্ষা

কেতিয়ানো আহিব বসন্ত
কিমাননো দিন আছে আৰু।
অবুজ অৱচেতনত অনুভৱ
ভূকম্পৰ মৃদু জোকাৰণি,
দেখিলেই ৰিক্ত কৰণি
চেতনাত লাগে হাঁহাকাৰ।

কেতিয়া ফুলিব ফুলপাহ
মেলি দিব ৰূপৰ পোহাৰ
মোৰ মনৰ উকা ফুলনিত,
হালি-জালি নাচিব, আনিব
বোৱাই স্বপ্ন-ধাৰা, বিস্তীৰ্ণ
বিশাল, নেদেখা পাৰাপাৰ।

কেতিয়ানো গাব ভোমোৰাই
গুণ গুণ গান, চুমা দিব আলফুলে
ফুলে ফুলে, দিব কাণে কাণে
ফুলাৰ গুপুত মন্ত্ৰ বিলাই
ভাবিছো তাকে এটি বাৰ
ফুল বিনে সংসাৰ তেনেই অসাৰ॥ ❖

এজন ডাক্তৰৰ কবিতা • ১২৭