পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিহঙ্গম দৃষ্টি

মন যায় লবলৈ ‘স্নেপ’ এটি
নিচেই কাষৰে পৰা,
য’ত ধৰা দিব দুচকুত
সুউচ্চ পাহাৰৰ দুৰ্গম টিং
মেঘ চাদৰৰ ঢাকনী গুচাই
নামিবলৈ আৰু পুতিবলৈ
জয়ধ্বজা ৰং-বিৰঙৰ
পাম য’ত বিচাৰিলে
গুপ্ত সমুদ্ৰ, অমৃতে ভৰা
দেৱৰো দুৰ্লভ, মাণিক সৰা
প্ৰতিবিম্ব ভৰপক জোনৰ
আৰু তিৰ্‌বিৰ্ অলেখ তৰা,
নিগৰি অহা নাচনী জুৰিটিৰ
আহ্বান হিয়া আকুল কৰা।
দেখিম সেই সুকোমল ঘাঁহনী
পাৰি ল'ম শেতেলী মোৰ
দিনান্তৰ সকলো ভাগৰ দুখ
এৰি দিম তোমাৰে কোলাত
এক মিঠা আৱেশত;
এয়া কি মোৰ দিৱাস্বপ্ন
মনৰ কোনো অশান্ত বেলাত!

এজন ডাক্তৰৰ কবিতা • ১০৫