পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰত্যাবৰ্তন, এক দ্বিবাস্বপ্ন

ক’তনো থাকিল সেই
ক্ষুৰধাৰ হেংদাংখন
নসহে কলিজাই আৰু
চল-চাতুৰি মিথ্যা বচন
উৰাই-ঘূৰাই তাকে
কৰি দিম যেন তহিলং।
বাক্যবান ফুলজাৰি
ছদ্মবেশী হিতাধিকাৰী
ভ্ৰষ্ট পদলেহনকাৰী
এটি এটিকৈ সামৰি
সুজিম জননীৰ ধাৰ
অকপটে শিৰচ্ছেদ কৰি।
নহও ৰুগীয়া মই
কাপুৰুষ ভীৰু বুলি নাভাবিবি তই
মোমাইকো নিদিও আসৈ
মাতৃৰ আহ্বানে উতলাই তেজ
সুযোগৰ অপেক্ষাত মই।
মোমাইকটা হেংদাং লৈ। ❖

৯০ • এজন ডাক্টৰৰ কবিতা