পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মই প্ৰেমত পৰিব বিচৰা নাই


সুৰৰ সুগন্ধিয়ে পোহাৰ মেলিছে হৃদয়ত
ৰুণ-জুন শব্দৰ আলোড়ন ঘটিছে মনৰ দুৱাৰত
জোনাকে বিলাইছে আৱেগৰ অবুজ ভাষা
কৰি তুলিছে মন মোৰ উতনুৱা
বতাহেও যে তাকেই কয় ‘তুমি প্ৰেমত পৰিছা’
ক’তা? নাইতো পৰা!
ৰঙীন সপোনবোৰে আঁকোৱালি ধৰে মোক
প্ৰাণখুলি হাঁহিবলৈ শিকায়
তোমাৰ দুচকুত বিচাৰি পাওঁ সেই সপোনবোৰ
বৰ যে আকলুৱা
মিঠা মিঠা অনুভূতি তাৰ
হৃদয় যে নুকুলায়...
তথাপিও ভাবো
নাই, প্ৰেমত পৰা নাই
কিয়নো মই প্ৰেমত পৰিব বিচৰা নাই॥

এখন উমাল চাদৰ/৩০