পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতখন আগবঢ়ালো তেওঁৰ দিশত। পিছে সঁহাৰি নাপালো। অলপ সময়ৰ বাবে পুনৰ নিৰৱতা বিৰাজ কৰিলে ডবাটোৰ ভিতৰত।
 : কথা এটা কওঁ বেয়া নাপাব। কিন্তু আপোনাৰ দৰে দায়িত্বশীল মানুহ এজনে এইদৰে পলায়ণ কৰিলে হত্যাকাৰীৰ সাহস বৃদ্ধি নহ'ব জানো?
 : ইমানবোৰ মানুহ মৰাৰ পাছতো তাৰ সাহস কম বুলি কোনে ক'লে তোমাক? (এটা হুমুনিয়াহ কাঢ়ি) ... মনে মনে হত্যাকাৰীৰ প্ৰশংসা কৰিবলৈ মন যায়। হত্যা কৰাটো যদি কলাৰ ভিতৰত পৰে তেন্তে সি এক পাকৈত শিল্পী। অন্যভাৱে ক'ব গ'লে মানুহ মৰাটো তাৰ হবি।
 : কিন্তু মই শুনামতে আপুনি আপোনাৰ কৰ্মজীৱনত এনেধৰণৰ বহুতো কেচৰ পৰা ৰহস্য আঁতৰাইছে, তেনেহ'লে এই ক্ষেত্ৰতনো আপুনি কিয় ব্যৰ্থ হ’ল বুলি ভাবে?
 : সকলো ব্যৰ্থতাৰ মূলতে এটা অভাৱ থাকে। মই পূৰ্বতে অনুসন্ধান কৰা প্ৰতিটো হত্যা বা হত্যাৰ প্ৰচেষ্টাৰ আঁৰত তেনে কৰাৰ এক উদ্দেশ্য আছিল। কেতিয়াবা সেই উদ্দেশ্য হয় ঘৰুৱা কন্দল, কেতিয়াবা অপমান, অবৈধ সম্পৰ্ক পৰিণতি নাইবা অন্য এটা অপৰাধ লুকুৱাবৰ বাবে। কিন্তু একেলেথাৰিকৈ সংঘটিত হোৱা যোৱা তেইশটা হত্যাৰ আঁৰত কোনো উদ্দেশ্য নাছিল বা বিচাৰি পোৱাত মই ব্যৰ্থ হৈছো। হত্যাকাৰীটোৰ বলি হোৱা এজন মানুহৰ সৈতে অন্য এজন মানুহৰ কোনো ধৰণৰ সম্পৰ্কই নাই, নাই কোনো ধৰণৰ মিল। মোৰ মতে সি উদ্দেশ্যহীনভাৱে মানুহৰ ভিৰৰ মাজৰ পৰা এজনক বাচি উলিয়াই আৰু হত্যা কৰে।
 : বেচ আমোদজনক, পিছে এতিয়া কি কৰিম বুলি ভাবিছে?
 : এই ৰেলখনৰ অন্তিম ষ্টেচনটোৰ ওচৰৰে বকুলপুৰ নামৰ অঞ্চলত মোৰ প্ৰকৃত ঘৰ। সেই ঘৰতে মোৰ পত্নী পুত্ৰসন্তান দুটাৰ সৈতে থাকে। জীৱনৰ বাকী থকা দিনকেইটা সিহঁতৰ সৈতে ভালদৰে কটাওঁ বুলি ভাবিছো। এনেও পৰিয়ালক সময় দিব নোৱাৰো বুলি পত্নীয়ে আপত্তি কৰি থাকে।
 জানিবৰ মন গৈছিল তেওঁৰ পদত্যাগৰ সিদ্ধান্তই তেওঁৰ সন্তান দুটাৰ ওপৰত কি দৰে প্ৰভাৱ পেলাব সেই কথা। পিছে মনতে সাঁচি থ’লো সেই ভাৱ। তাৰ পিছৰ কেইটামান মুহূৰ্ত নিৰৱতাৰে পাৰ কৰিলো দুয়ো। শুকান নৰাৰে হালধীয়া

হৈ থকা পথাৰখনৰ কাষেৰে ৰেলখন আগবাঢ়িল। বেগৰ পৰা ফ্লাক্সটো বাহিৰ

এক ব্যৰ্থ যাত্ৰা/৭০