পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰো তাইক।
 : হ’বদে, যি কি নহওক, সময় থাকোতেই তাই সঁচা কথাটো ক'লে যে। নহ'লে পাছত গম পোৱাহেঁতেন সমস্যাটো আৰু জটিল হৈ পৰিলহেঁতেন। অনুপমে কলে।
 পশ্চিমফালে আকাশখন ৰাঙলি হৈ পৰিল। আকাশখনৰ দৰে জীৱনটোৱেও যে কিদৰে সলাই থাকে নিজৰ ৰং। গাড়ীত আহি থাকোঁতে অনুপমক কোৱা কথা এটা মনত পৰি মনে মনে হাঁহি উঠিল, হয়তো আমিয়েই মুখ লগালো শান্তনুৰ বিয়াখনত।

তিনি

 শ্বিলঙৰ সেমেকা ৰাস্তাৰ ওপৰেৰে নেন্সি আৰু মই আগবাঢ়ি গ'লো চাপৰ পাহাৰটোৰ ফালে। বৰ ধুনীয়া লাগে ঠাইডোখৰ, ওখ-চাপৰ পাক লগা সৰু ৰাস্তাটো, তাৰ দুয়োকাষে সেউজীয়া ৰং সানি থিয় হৈ থকা পাহাৰকেইটা। সেই পাহাৰবোৰৰ মাজৰে এটাত ঘৰ এটা সাজি থাকিবৰ মন যায়, অৱশ্যে অকলশৰে নহয়। বিয়া ভাঙি ঘৰৰ পৰা গুচি অহা আজি ডেৰ বছৰ হ’ল। এই ডেৰ বছৰত মই কোনো খবৰ পোৱা নাই ঘৰৰ মানুহৰ আৰু তেওঁলোকেও নেজানে মোৰ বৰ্তমানৰ ঠিকনা। সময়ে সময়ে অনুভৱ হয় মোৰ সেই সিদ্ধান্তটো ভুল আছিল বুলি। কিন্তু সেই সময়ত তেনে কৰাটোৱেই যে উচিত যেন লাগিছিল। ভয়ত ভুল-শুদ্ধ একো চিনিব পৰা নাছিলো তেতিয়া। সমস্যাবোৰৰ পৰা পলালে যে সমস্যাৰ সমাধান নহয় সেই কথা বুজি পোৱা হৈছো এতিয়া।
 : বন্দনা, কি ভাবিছা? বাচকেটটো এখন হাতৰ পৰা আনখনলৈ নি নেন্সিয়ে সুধিলে।
 : কি ভাবিছা নহয়, কি ভাবিছ।
  হোষ্টেলত ৰূমমেট থকাৰ দিনৰ পৰাই নেন্সিয়ে অসমীয়াত কথা কোৱাৰ চেষ্টা কৰি আহিছে। অন্য মানুহে ক'লে তাই ভালদৰে বুজি পাই। নিজে কওঁতেহে কেৱল ‘ই’ ‘তুমি’ বোৰে খেলিমেলি লগাই থাকে তাইক। হোষ্টেলৰ একেটা

কোঠাতে থাকোঁতে মোৰ সকলোবোৰ কথাই মই তাইক কৈছিলো। সেই সময়ছোৱাত প্ৰাঞ্জলৰ পাছত তাইয়েই আছিল মোৰ প্ৰিয় সংগী। সেয়ে ঘৰ এৰি

এক ব্যৰ্থ যাত্ৰা/৫৩