পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

‘লেখকৰ মনৰ কথা’

 

 প্ৰত্যেক মানুহৰে জীৱনত হয়তো এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া বহুতো গধুৰ ভাৱে অসহায় কৰি তোলে মনটো। ভাবৰ বোজা কঢ়িয়াব নোৱাৰি অস্থিৰ হৈ পৰে দেহ-মন। নিৰস, ৰংবিহীন যেন হৈ পৰে জীৱনটো। তেনে এক উদাসীন মুহূৰ্ততে এদিন হাতত কলমটো তুলিছিলো। মনৰ ভাৱবোৰ শব্দৰূপে বাহিৰ কৰাৰ উদ্দেশ্যেৰে, সৃষ্টি হ’ল ‘কৌতুহল’ নামৰ গল্পটোৰ। কলেজৰ প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাত উক্ত গল্পটোৱে পুৰস্কাৰ পোৱাত নথৈ আনন্দিত হৈছিলো। তাৰ পিছৰ পৰা যেতিয়াই মনত ভাৱৰ বিশৃংখল ঢৌ উঠে তেতিয়াই হাতত তুলি লওঁ এটা কলম আৰু এখন উকা কাগজ, ঢৌবোৰ শান্ত কৰাৰ উদ্দেশ্যেৰে।

 গতিকে যদিও সাহিত্যৰসৰ অভাৱ তথাপিতো গল্প কেইটাৰ প্ৰতি মোৰ মৰম অপৰিসীম। আশা কৰো এই কিতাপখন হওঁক মাথোন এক আৰম্ভণি আৰু বহুতো গল্প আৰু বহুতো উপন্যাস।

 অৱশেষত মোৰ এই প্ৰচেষ্টাত সহায় আৰু পৰামৰ্শ আগবঢ়োৱাৰ বাবে মামণি গগৈ বৰুৱা বাইদেউলৈ আৰু মোৰ প্ৰচেষ্টা সফল ৰূপ দিয়াৰ বাবে ‘শব্দ প্ৰকাশ’ৰ প্ৰত্যেকজন ব্যক্তিলৈ অশেষ ধন্যবাদ জনালো।

পিনাকপাণি বৰুৱা