: আচলতে সি খুব বেছি ভাল পাইছিল তাইক। আমি হৃদয়হীনবোৰেনো
কি বুজিম প্ৰেম ভালপোৱাৰ কথা।
মুকলি ৰাস্তা পোৱাৰ লগে লগে গাড়ীৰ গতি বঢ়াই দিলো। ৰাস্তাৰ দুয়োকাষে
দূৰদূৰণিলৈ বিয়পি থকা সেউজীয়া পথাৰৰ মাজেৰে আমি দ্ৰুতগতিত আগবাঢ়িলো।
ৰাতিপুৱা ছয় বজাত আৰম্ভ হোৱা যাত্ৰা শেষ হওঁতে এক বাজি পাৰ হৈ
গ’ল সময়। শিৱসাগৰ টাউনৰ পৰা প্ৰায় দহ কিলোমিটাৰমান ভিতৰলৈ সোমাই
আমি শান্তনুৰ ঘৰত উপস্থিত হলোগৈ। পিছে ঘৰৰ পৰিৱেশ আছিল আমি আশা
কৰাতকৈ সম্পূৰ্ণ বিপৰীত। দুদিন পাছত বিয়া অথচ ৰভাৰ নামত চোতালত বাঁহ
এডালা নাই চোন। কোনো মানুহো চকুত নপৰিল বাহিৰত। কলিংবেলৰ শব্দ
শুনি শান্তনুৰ মাক ওলাই আহিল বাহিৰলৈ।
: খুৰী ভালনে? অনুপমে সুধিলে।
: ভাল বেয়ানো কি? আছো আৰু জীয়াই। দুখমনেৰে মাকে ক'লে।
:পিছে দৰা ক’ত? আৰু ঘৰখনো ইমান ঠাণ্ডা হৈ আছে যে? মই সুধিলো।
: অ’ তোমালোকে হ’বলা গম পোৱাই নাই। বিয়াখন ভাঙিল নহয়।
: কি? দুয়ো একেলগে চিঞৰি উঠিলো।
: কিন্তু কিয়?
: কিনো ক’বা, লাজেই লাগে ক’বলৈ। মাকে মাটিৰফালে চাই ক'লে।
: খুৰী, শান্তনু ক’ত আছে?
: নেজানো, দুপৰীয়াৰ পৰা দেখাই নাই, অই মাজনী দাদা ক’ত আছে অ’?
মাকে শান্তনুৰ ভনীয়েকক সুধিলে।
: পাছফালে মথাউৰিত বহি আছে অকলে অকলে।
: মথাউৰিত?
: অ’ ঘৰৰ পাছফালে থকা পথাৰখনৰ মাজেৰে সৰু নৈ এখন বৈ গৈছে।
তাৰে পাৰত বহি আছেগৈ। মাকে ক'লে।
আমাৰ বস্তুবোৰ ঘৰত থৈ দুয়ো মথাউৰিত উঠিলোগৈ। অলপ দূৰৈত দেখা
পালো হতাশ মনেৰে পানীলৈ শিলগুটি দলিয়াই বহি থকা শান্তনুক। ঘূৰি চাই
আমাক দেখা পাই ক্ষন্তেকৰ বাবে হলেও তাৰ মুখখন উজ্বল হৈ পৰিল।
: তহঁতক নাহিবলৈ কম বুলি ভাবিছিলোহে।
: আমি কি এনেই আহিব নোৱাৰো নেকি?