: এটাকে ল, দুটা ল’লে খৰচহে বাঢ়িব।
কাউন্টাৰত গৈ এৰাতিৰ বাবে এটা কোঠা বুক কৰিলো। তাৰ পাছত বেগ
দুটা কঢ়িয়াই কোঠাটোলৈ লৈ গ'লো। দুখন বিচনাযুক্ত লগ লাগি থকা বাথৰূম
আৰু এটা টি.ভি. থকা ধুনীয়া এটা কোঠা। বন্দনা বাথৰূমৰ পৰা অহাৰ পাছত
মইও হাত-ভৰিকেইটা ধুই আহিলোগৈ। বিচনাতে থকা বগা টাৱেলখনেৰে মুখ
মচি থাকোতেই দেখা পালো মোলৈ একেথৰে চাই থকা বন্দনাৰ চকুহাল।
: কি চাই আছ?
: (অলপ ৰৈ) তোক চাইছো।
: কিয়বা?
: এনেই, চাবও নোৱাৰি নেকি?... এটা কথা কচোন।
: কি কথা?
: তই যে মোক ভাল পাৱ সেই কথা কব কিয় নোৱাৰ?
: কি? কোনে ক'লে মই তোক ভালপাওঁ বুলি? আচৰিত হোৱাৰ ভাও
ধৰিলো।
: তোৰ চকুহালে আৰু তোৰ অলপতে উঠা খংটোৱে।
: মিছা কথা। তোৰ নিচিনাজনীক ভাল নেপালেহে পাইছে।
—তাইৰফালে নোচোৱাকৈয়ে কলো৷ উত্তৰবোৰ সঠিকমতে নোপোৱাযেন
অনুভৱ কৰি তাই মোৰ কাষ চাপি আহিল।
: মোৰ চকুত চাই এবাৰ ক মোক ভালপাওঁ বুলি।
নীৰৱ হৈ তাইৰ চকুলৈ চাই ৰৈছিলো অলপ সময়। বুজি পোৱা নাছিলো
তাইৰ এনে ব্যৱহাৰৰ অৰ্থ।
: অঁ ভালপাওঁ, বহুত ভালপাওঁ, বহুত দিনৰ পৰা ভালপাওঁ , কিন্তু এতিয়া
কৈ কি লাভ।
তাৰ পাছত অলপ সময় পুনৰ নীৰৱ হৈ ৰ'লো আমি দুয়ো, তাৰ পিছত
বন্দনাই ক'লে,
: প্ৰাঞ্জলে মোক ভালপাওঁ বুলি কোৱাৰ দিনা বহুতো নতুন অনুভূতিৰে ভৰি
পৰিছিল মোৰ মন। কিছুমান নতুন ৰং, নতুন সোৱাদ নামি আহিছিল জীৱনলৈ।
পিছে সেই ৰং, সোৱাদবোৰ স্থায়ী নহ'ল। (এটা হুমুনিয়াহ কাঢ়ি) সি যেতিয়াই মোৰ কাষত থাকিছিল মোৰ এনে অনুভৱ হৈছিল যেন কিবা এটা অভাৱ ঘটিছে।