পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অপেক্ষা...

 অপাৰেচন থিয়েটাৰৰ সন্মুখৰ চকীখনত বহি থাকোঁতে সময়বোৰ নেযাই- নুপুৱায় যেন অনুভৱ হ’ল। অধৈৰ্য্যভাৱে এবাৰ ৰঙা লাইটটোলৈ আৰু এবাৰ ঘড়ীটোলৈ চাব ধৰিলো। মনলৈ বাৰে বাৰে এটাই কথা আহি থাকিল, মেঘালীয়ে দেখা পোৱা হব চকুৰে ! প্ৰায় ছয় বছৰ একেলগে পাৰকৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে তাই মোক দেখা পাব, মনটো আবেগেৰে ওপচি পৰিল। হঠাৎ অপাৰেচন থিয়েটাৰৰ দুৱাৰখন খোল খালে আৰু ভিতৰৰ পৰা চকু বিশেষজ্ঞ ডাঃ বৰদলৈ ওলাই আহিল।
 : অপাৰেচনটো সম্পূৰ্ণ হ’ল দীপাংকৰ। দুই ঘণ্টামানৰ পাচত মেঘালীৰ জ্ঞান ঘূৰি আহিব আৰু তেতিয়াহে ক'ব পৰা যাব অপাৰেচনটো কিমান সফল হৈছে। বৰ্তমান তোমাৰ পত্নীক আই.চি.ইউতে ৰখা হৈছে বুলি কৈ তেখেত আঁতৰি গ’ল। মোৰ মনটো আৰু অধিক অধৈৰ্য্য হৈ পৰিল। আৰু মাত্ৰ দুইঘণ্টাৰ পাছতেই সলনি হৈ যাব মেঘালী আৰু মোৰ সৰু পৃথিৱীখন।.... অলপ ভয়ো লাগিল, আশাবোৰ মৰহি যায় বুলি। দীঘলকৈ এটা হুমুনিয়াহ কাঢ়ি পুনৰ বহিলো মেঘালী সাৰ পোৱাৰ অপেক্ষাত... মনত তোলপাৰ লগাই থকা আবেগৰ ঢৌবোৰৰ মাজতে ওপঙি উঠিল মেঘালীৰ সৈতে প্ৰথম চিনাকী হোৱা মুহূৰ্তটোৰ স্মৃতি।
 ৩১ ডিচেম্বৰ, ২০০৮, হোষ্টেলীয়া জীৱনৰ শেষ নিউ ইয়েৰ পাৰ্টি, গতিকে আয়োজনো আছিল জোৰদাৰ। হোষ্টেলৰ সন্মুখৰ বাগিচাখনতে একোৰা জুই ধৰি চৌদিশে বহি ললো গোটেইমখা। হাঁহি-ধেমালি, সংগীত আৰু সোণবৰণীয়া পানীয়ৰ সোৱাদেৰে ৰঙীণ হৈ উঠিল পৰিৱেশ। সেই মাদকতাৰ মাজেৰেই সময়ে আমাক লৈ গ'ল এটা নতুন বছৰলৈ, লগে লগে ভাহি আহিল চৌদিশৰ পৰা বহুতো কিৰিলিৰ শব্দ। ইজনে আনজনক সাবটি নৱবৰ্ষৰ উলগ জনালো আৰু পুনৰ সোমাই গ'লো মাদকতাৰ মাজলৈ। গিলাছত চুমুক মাৰি হোষ্টেলৰফালে চালো এবাৰ। আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছত টালি-টোপোলা বান্ধি ওলাই

আহিব লাগিব চিৰদিনলৈ। হেৰাই যাব হোষ্টেলৰ স্বাধীনতা, হেৰাই যাব এতিয়া

এক ব্যৰ্থ যাত্ৰা/৩৩