:ছোৱালীজনী বৰ ধুনীয়া দেই, কি নাম তোমাৰ?– লখিমীয়ে সৰু
ছোৱালীজনীলৈ চাই সুধিলে।
: নমস্কাৰ, মোৰ নাম মিচ কবিতা সন্দিকৈ।
: নামটোও ধুনীয়া দেই। তোমালোক বহাচোন মই চাহকে অলপ বনাওঁ।
: চাহ বনাব নালাগে অ’ লখিমী, এইমাত্ৰ ঘৰত খায়েই আহিছোঁ।–ৰুবুলে ক’লে৷
: অ’মা, বলনা যাওঁ ইয়াৰ পৰা, ইমান আন্ধাৰ ইয়াত।–কণমানিজনীয়ে
মুখখন কোচাই মাকক ক'লে।
: ৰবাচোন আহিছোহে, নাপাই নহয় তেনেদৰে ক’ব।–মাকে ক'লে।
: আচলতে এই আন্ধাৰলৈ ভয় কৰে, সেয়ে আমনি কৰিছে।–ৰুবুলে
লখিমীক উদ্দেশ্যি ক'লে।
: মা যাওঁ বলানা।– মাকৰ হাতত ধৰি টানিব ধৰিলে কবিতাই।
: এই ছোৱালীজনীৰ পৰা শান্তি নাই দেই। তোমালোক বহাচোন, মই
এইক ঘৰলৈকে লৈ যাওঁ।
: ঠিক আছে।– লখিমীয়ে শলাগিলে, নন্দিনীয়ে কবিতাক লগত লৈ
ওলাই গ'ল বাহিৰলৈ। তাৰ পাছৰ কেইটামান মুহূৰ্ত নিৰৱতাই আৱৰি থাকিল
কোঠাটো। বিচনাতে পৰি থকা পুৰণি আলোচনীখন হাতত লৈ ৰুবুলে কোঠাটোৰ
চৌদিশে চাব ধৰিলে। মমৰ পোহৰত তাৰ চকুত পৰিছিল মাটি খহি নাঙঠ হৈ
পৰা বেৰবোৰৰ দৃশ্য।
: মাৰ পৰা তোৰ খবৰবোৰ পাই থাকো। বেয়া লাগে কথাবোৰ ভাবিলে।
তোৰ লগতনো হ'ব লাগেনে এনকুেৱা। সৰুতে কিমান যে হাঁহি ধেমালি কৰিছিলো
আমি একেলগে। মোৰ যে খুব মনত পৰে সেই দিনবোৰ। তোৰো পৰেনে মনত?
নিশব্দ হৈ বেৰখনত ভেজা দি থিয় হৈ থাকিল লখিমী।
: কি হ’ল, মনে মনে আছ যে?
কোনা উত্তৰ নিদিলে তাই। বিচনাখনৰ পৰা উঠি লখিমীৰ কাষত থিয়
হ’লহি সি।
: লখিমী কি হ'ল? নামাত কিয়?
মমৰ পোহৰত জিলিকি উঠিল তাইৰ চকুৰ পৰা বৈ অহা পানীৰ টোপাল
এটা। বহুবছৰ ধৰি বন্দী কৰি থোৱা এটোপাল চকুলো যেন বৈ আহিছিল সকলো
এক ব্যৰ্থ যাত্ৰা/৩১